পত্নী-পুত্ৰৰ বাবে কোটি কোটি টকা ত্যাগ ছোৱেইব মালিকৰ

পত্নী-পুত্ৰৰ বাবে কোটি কোটি টকা ত্যাগ ছোৱেইব মালিকৰ

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে তেওঁ। ইয়াৰ পিছতে পত্নী আৰু সন্তানৰ বাবে ব্যস্ত হৈ পৰিছে পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক। সকলো কাম-বন এৰি পত্নী ছানিয়া মিৰ্জা আৰু সদ্যজাত পুত্ৰ সন্তানৰ বাবে সময় উলিয়াইছে তেওঁ। ছোৱেইৱ মালিকে এইবাৰ পত্নী আৰু সদ্যজাত সন্তানৰ বাবে এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিছুদিন পিছতেই অনুষ্ঠিত হ'ব টি-১০ লীগ। সেই টুৰ্নামেন্টত পঞ্জাৱী লিজেণ্ডছৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকক। যাৰ বাবে তেওঁক কোটি কোটি টকা পাৰিশ্ৰমিক প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। কিন্তু পত্নী আৰু সন্তানক এৰি বাহিৰলৈ যাতে যাব লগা নহয় তাৰ বাবেই কোটিটকীয়া টুৰ্নামেন্টখনো নেখেলাৰ সিদ্ধান্ত লয় ক্ৰিকেটাৰজনে।

টুইটাৰত ছোৱেইৱে লিখিছে- 'পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ বাবে পঞ্জাৱী লিজেণ্ডছ দলৰ সৈতে মই এই লীগত জড়িত থাকিব নোৱাৰিম। এই সিদ্ধান্ত গ্ৰহণ কৰা খুৱেই কঠিন আছিল। কিয়নো মোৰ পত্নীয়েও মই খেলাটোৱেই বিচাৰিছিল। কিন্তু মোৰ সকলো কামৰ উৰ্ধ্বত মোৰ পত্নী আৰু সন্তান। গতিকে আশা কৰিছো অনুৰাগীসকলে এয়া বুজি পাবলৈ সক্ষম হ'ব।'

উল্লেখ্য যে, টি-১০ লীগৰ প্ৰথম বৰ্ষত ছোৱেইবে পঞ্জাৱী লিজেণ্ডছ দলৰ হৈ খেলি ৫খন মেছত ১৯১ ৰাণ সংগ্ৰহ কৰি টুৰ্নামেন্টৰ দ্বিতীয় সৰ্ব্বোচ্ছ ৰাণ সংগ্ৰহকাৰী হিচাপে কৃতিত্ব অৰ্জন কৰিছিল। এই বৰ্ষতো ছোৱেইবে প্ৰথমখন মেছতে খেলাৰ কথা আছিল। কিন্তু পত্নী ছানিয়া মিৰ্জা আৰু পুত্ৰ ইজহানৰ সৈতে সময় পাৰ কৰাৰ বাবেই কোটি কোটি টকাৰ অফাৰ ত্যাগ কৰিছে ক্ৰিকেটাৰজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in