প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বলৰ বিষয়া তথা সমাজকৰ্মী উমেশ বড়াৰ মৃত্যু…

প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বলৰ বিষয়া তথা সমাজকৰ্মী উমেশ বড়াৰ মৃত্যু…

ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বলৰ বিষয়া তথা ধেমাজি নগৰৰ নিবাসী, লিখক-সমাজকৰ্মী আৰু ভাৰতীয় জীৱন বীমা নিগমৰ জ্যেষ্ঠ অভিকৰ্তা উমেশ বড়াই ৭৮ বছৰ বয়সত বুধবাৰে বিয়লি ৩.১৫ বজাত বাৰ্ধক্যজনীত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ ১৯৪৫ চনৰ ১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নাহকটীয়া অঞ্চলৰ উষাপুৰ গাঁৱত জন্ম গ্ৰহণ কৰা উমেশ বড়াই প্ৰথমে উষাপুৰ এম. ই. স্কুলত অধ্যয়ন কৰা পিছত ১৯৬২ চনত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰা পিছতেই ১৯৬৫ চনত ডিব্ৰুগড়ৰ কানৈ বানিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতকৰ ডিগ্ৰী লাভ কৰে ৷

জন্ম স্হান ডিব্ৰুগড় নাহৰকটীয়া অঞ্চলৰ পৰা ১৯৬০ চনত ধেমাজি জিলাৰ মৰিঢল লক্ষীপথাৰ অঞ্চললৈ আহি নিগাজীকৈ বসবাস কৰিবলৈ লয় ৷ স্নাতক ডিগ্ৰী লোৱা পিছতেই ধেমাজিলৈ আহিয়েই বড়াই ১৯৬৫ চনতেই মৰিঢলত লক্ষীপথাৰ এম . ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ৷ পিছলৈ তেওঁ ১৯৬৮ চনতেই অবৈতনিক শিক্ষকতা এৰি সামৰিক বাহিনীৰ চাকৰিত যোগদান কৰে ৷ উল্লেখ্য যে, সামৰিক বাহিনীৰ চাকৰি কৰি থাকোতেই ইউ .পি. এছ.চি পৰীক্ষা দি উৰ্ত্তীৰ্ণ হৈ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় বিভাগৰ থকা লণ্ডনৰ ভাৰতীয় দূতাবাসৰ নিৰপত্তাৰক্ষী পৰিৰ্দশক হিচাপে ১৯৭১ চনত যোগদান কৰে ৷

ভাৰতীয় সীমা সুৰক্ষা বল ৰ দায়িত্বত থকা অৱস্থাত বড়াই বালাদেশৰ স্বাধীনতা যুদ্ধত বিশেষ সামৰিক পাৰদৰ্শিতা আগবঢ়োৱা বাবে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে বড়াক বিভিন্ন সামৰিক মেডেলেৰে সন্মানিত কৰিছিল ৷ সুদীৰ্ঘ বাৰ বছৰ কাল বিদেশৰ বিভিন্ন স্হানত থাকি বিশেষ পাৰদৰ্শিতা দেখুৱাই বড়াই ১৯৮১ চনত স্বেচ্ছামূলক অৱসৰলৈ ভাৰতলৈ উভতি আহি বিগত সময়ত তেওঁ ধেমাজিত ভাৰতীয় জীৱন বিমা নিগমৰ অভিকৰ্তা হিচাপে কাম চলোৱাৰ উপৰিও। আজৰি সময়ত বড়াই ভালেমান প্ৰৱন্ধ, কবিতা, গল্প আৰু নাটক আদি লিখি নিজৰ সাহিত্যিক দক্ষতা দেখুৱাবলৈ সক্ষম হৈছিল ৷ বড়াৰ মৃত্যুত ধেমাজিত গভীৰ শোকৰ ছাঁ পৰিছে ৷

সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতি আৰু অসম নাট্য সন্মিলনৰ যৌথ প্ৰচেষ্টাত বৃহস্পতিবাৰে এখনি শোক সভা অনুষ্ঠিত কৰে ৷ ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হো্ৱা শোক সভাখনিত ধেমাজিৰ জ্যেষ্ঠ নাগৰিক, সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ সচেতন সদস্য প্ৰয়াত বড়াৰ মৃত্যুত তেখেতৰ গুণানুকীৰ্তন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে ৷ সভাই প্ৰায়ত বড়াৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত একমিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা লগতে মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই এটি প্ৰস্তাৱ প্ৰেৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এটি পুত্ৰ, বোৱাৰী, জী-জোৱাই আৰু নাতি-নাতিনীকে ধৰি এনেক আত্মীয় স্বজনক এৰি গৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in