অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী ঠগিৰাম শইকীয়াৰ দেহাৱসান…

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী ঠগিৰাম শইকীয়াৰ দেহাৱসান…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ জাজৰী নভেটি গাঁৱৰ নিৱাসী ঠগিৰাম শইকীয়াৰ মঙলবাৰে নিজ বাসগৃহত বিয়োগ হয়। ৫৬ বছৰ বয়সীয়া ব্যক্তি গৰাকী বিগত ৯ মাহ ধৰি মগজু কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ অধীনস্থ বোৱালগুৰি থকা কাৰ্যালয়ৰ কৰ্মচাৰী আছিল শইকীয়া।

ভাষা আন্দোলন আৰু অসম অন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি ব্যক্তিগৰাকী কেইবাবাৰো জে'ল পৰ্যন্ত খাটিছিল। সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদকে আদি কৰি কেইবাটাও জাতীয় সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজ সেৱা আগবঢ়োৱা ব্যক্তি গৰাকী বিগত দিনবোৰত ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থকা অৱস্থাটো কোনো এগৰাকী জাতীয় সংগঠনৰ নেতা-পালিনেতাই খবৰ ল'বলৈ আহৰি নোপোৱা বিষয়টোক লৈ পৰিয়ালৰ সদস্যই ক্ষোভ প্ৰকাশ কৰিছে।

বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত প্ৰভাত বৰা, টংকেশ্বৰ বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ শ্ৰী ৰাম আতা আঞ্চলিক সমিতিৰ বাপ বান্ধৱ, আইমাতৃ সকলকে প্ৰমুখ্য কৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ঠগিৰাম শইকীয়াই দুজনী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in