ধেমাজি সমাজ কল্যান বিভাগত ১৮ চুপাৰভাইজাৰ-১২ পৰিসংখ্যা সহায়কৰ চাকৰি ৮ বছৰে নহ’ল নিয়মীয়াকৰণ, আন্দোলনৰ হুংকাৰ

ধেমাজি সমাজ কল্যান বিভাগত  ১৮ চুপাৰভাইজাৰ-১২ পৰিসংখ্যা সহায়কৰ চাকৰি ৮ বছৰে নহ’ল  নিয়মীয়াকৰণ, আন্দোলনৰ হুংকাৰ

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ সমাজ কল্যান বিভাগৰ চাৰিটা উন্নয়ন খণ্ডত কৰ্মৰত ১৮ গৰাকী চুপাৰভাইজাৰ আৰু ১২ জন পৰিসংখ্যা সহায়কৰ কৰ্মচাৰীয়ে ঠিকাভিত্তিক নিযুক্তিৰে কাম কৰি থকা পিছতো আজি ৮ বছৰেও হোৱা নাই নিয়মীয়াকৰণ ৷ উল্লেখযোগ্য যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতেই ৰাজ্যৰ সমাজ কল্যান বিভাগে সমগ্ৰ ৰাজ্যখনতেই নিযুক্তি দিয়া ৬২৩ গৰাকীৰ ভিতৰত ধেমাজি জিলাৰ উল্লেখিত লোক কেইগৰাকীয়ে জিলাখনৰ চাৰিটা সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত নিযুক্তি পাইছিল।

কিন্তু বিগত সময়চোৱাত এক নিৰ্ধাৰিত পাৰিতোষিকতেই আজি পৰ্যন্ত কাম কৰি আছে লোককেইজনে ৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই যোৱা বছৰৰ চেপ্টেম্বৰতেই বি টি এ ডি এলেকাৰ ১২৩ গৰাকী চুপাৰভাইজাৰক বৈষম্যমূলক নীতিৰে নিয়মীয়াকৰণ কৰা কাৰ্য্যই ৰাজ্যখনৰ অন্যান্য জিলাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত হতাশাগ্ৰস্ততাৰ সৃষ্টিৰ কৰিছে ৷

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই কেবিনেটত অনুমোদন পোৱা পিছতো উক্ত কৰ্মচাৰী সকলক নিয়মীয়াকৰণ হোৱাটো দূৰৰে কথা আজি ৭ মাহে বিনাবেতনেৰে কাম কৰি আছে।কোৰোণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো চুপাৰভাইজাৰ সকলে গাঁৱে গাঁৱে গৈ শিশুসকলৰ লগতে গৰ্ভৱতী ,প্ৰসূতি মাতৃ সকলৰ স্বাস্হ্য আৰু পুষ্টিৰ যতন লৈ সমাজ কল্যান বিভাগৰ চাকৰি দায়িত্ব সময়মতে পালন কৰি আহিছে যদিও কিয় বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্ব নিদিয়াত কৰ্মচাৰী সকলৰ মাজত বিৰূূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইফালে, ধেমাজি জিলা ঠিকাভিত্তিক মুখ্য সেৱিকাৰ সমিতিৰ সভানেত্ৰী পলি বুঢ়াগোঁহাই আৰু সম্পাদিকা লীনা দলেয়ে ধেমাজি জিলাৰ ১৮ গৰাকী চোপাৰভাইজা আৰু ১২ জন পৰিসংখ্যা সহায়কৰ কৰ্মচাৰীয়ে আজি ৭ মাহে নোপোৱা দৰমহা, চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা যদি শীঘ্ৰেই নকৰে তেন্তে আগুন্তুক দিনত এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহন কৰবলৈ বাধ্য হব বুলি সকিয়াই দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in