ব্ৰইলাৰৰ দেহতো কোৰোনা ভাইৰাছৰ উপস্থিতি! বিয়পিছে খবৰ ছ’চিয়েল মিডিয়াত…

ব্ৰইলাৰৰ দেহতো কোৰোনা ভাইৰাছৰ উপস্থিতি! বিয়পিছে খবৰ ছ’চিয়েল মিডিয়াত…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছক লৈ অসমতো বিয়পিছে বহু উৰা বাতৰি। ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে এক খবৰ। ফেচবুক, হোৱাটছএপত ইজনৰ পৰা সিজনলৈ বিয়পিছে যে- ব্ৰইলাৰ দেহতো পোৱা গৈছে কোৰোনা ভাইৰাছৰ উপস্থিতি।

এই খবৰ কিমান সঁচা সেয়া কোনেও নিশ্চিত কৰিব পৰা নাই। কিন্তু এনে খবৰে শংকিত কৰিছে বহু লোকক। ইফালে, চীনৰ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা প্ৰায় ৩০ সহস্ৰাধিক লোকক টানি-আজুৰি লৈ যোৱা বুলি এক ভিডিঅ' ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ'টোৰ সন্দৰ্ভত কিছু লোকে মন্তব্য কৰিছে যে, কোৰোনা ভাইৰাছত আক্ৰান্ত লোকসকলক কেৱল পৃথকভাৱে থোৱাই নহয়, তেওঁলোকৰ পৰা যাতে আনৰ দেহলৈ এই ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবে চীনৰ চৰকাৰে অতি কঠোৰ আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে আগবাঢ়িছে।

ব্ৰইলাৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি ছ'চিয়েল মিডিয়াত বিয়পিছে খবৰ…

এই খবৰবোৰে কেৱল চীনতে নহয়, সমগ্ৰ বিশ্বজুৰি এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। এচামৰ মতে, চীনৰ পৰা বৰ্ণসংকৰ প্ৰজাতিৰ বহু কুকুৰাৰ পোৱালি গোপন পথেৰে আহে ভাৰতলৈ। বিশেষকৈ অসমত এনে কম দিনৰ ভিতৰতে ডাঙৰ হোৱা বৰ্ণশংকৰ প্ৰজাতিৰ কুকুৰা পোৱালিৰ প্ৰৱেশ ঘটে।

সেয়েহে বৰ্ণসংকৰ প্ৰজাতি আৰু কম দিনৰ ভিতৰতে ডাঙৰ হোৱা কুকুৰাৰ দেহত কোৰোনা ভাইৰাছ থাকিব পাৰে বুলিও অনুমান কৰিছে। ব্ৰইলাৰৰ দেহতো কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি প্ৰচাৰ হোৱা এই খবৰৰ সত্য-সত্যতা নিৰূপন নহ'লেও ইয়াৰ প্ৰভাৱ পৰিছে ব্ৰইলাৰ বিক্ৰী কৰা বিক্ৰেতাসকলৰ ওপৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in