JEE মেইনছত ১০০ শতাংশ লাভেৰে গাৰ্লছ টপাৰ অসমৰ স্নেহা পাৰেকঃ এলেনৰ ১৪ গৰাকীয়ে লাভ কৰিলে ৯৯ শতাংশ নম্বৰ…

JEE মেইনছত ১০০ শতাংশ লাভেৰে গাৰ্লছ টপাৰ অসমৰ স্নেহা পাৰেকঃ এলেনৰ ১৪ গৰাকীয়ে লাভ কৰিলে ৯৯ শতাংশ নম্বৰ…

ডিজিটেল ডেস্কঃ জে ই ই-মেইনৰ ফলাফল প্ৰকাশ কৰিলে এন টি এয়ে। এই ফলাফলত পুনৰ এবাৰ এলেন কেৰিয়াৰ ইনিষ্টিটিউটৰ শিক্ষাৰ্থীয়ে উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এলেন, গুৱাহাটী কেন্দ্ৰৰ ছাত্ৰী স্নেহা পাৰেকে এই পৰীক্ষাত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

স্নেহাই পাৰেকে জে ই ই মেইনছত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছাত্ৰী তথা জে ই ই মেইনৰ ইতিহাসত দ্বিতীয়গৰাকী ছাত্ৰী হিচাপে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ মুঠ ৩০০ নম্বৰৰ ভিতৰত ৩০০ নম্বৰেই লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে তেওঁ এই পৰীক্ষাত নেচনেল গাৰ্লছ টপাৰ হ'বলৈ সক্ষম হৈছে।

স্নেহা পাৰেকে যোৱা দুবছৰ ধৰি এলন কেৰিয়াৰ ইনষ্টিটিউটৰ ছাত্ৰী আছিল। উল্লেখ্য যে জেইই(মেইন)ৰ ফলাফলৰ ক্ষেত্ৰত এলেন গুৱাহাটীয়ে ক্ৰমশঃ অধিক সফলতা লাভৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত এলেন, গুৱাহাটী কেন্দ্ৰৰ মূৰব্বী ব্ৰীজেশ কুমাৰ যাদৱে জনাই যে- স্নেহা পাৰেক নেচনেল গাৰ্লছ টপাৰ হোৱাৰ উপৰিও শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা আন ১৪ গৰাকী শিক্ষাৰ্থীয়ে 99 শতাংশ,৫১ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত ৭৬ জন শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছে।

ইফালে নেচনেল গাৰ্লছ টপাৰ স্নেহা পাৰেকে তেওঁৰ সফলতা সন্দৰ্ভত কয় যে- "মই দিনে ১২ ঘণ্টা অধ্যয়ন কৰোঁ। মই ৰাতিপুৱা ৮ বজাত এলনলৈ যাওঁ আৰু শ্ৰেণীৰ পিছত তাত অধ্যয়ন কৰোঁ। এলন প্ৰতিষ্ঠানৰ শৈক্ষিক পৰিৱেশত অধ্যয়ন কৰিলে মোক মোৰ অধ্যয়নত সহায় কৰে, আৰু মই তৎক্ষণাৎ অনুষদক সন্দেহৰ বিষয়ে সোধাৰ সুযোগ পাওঁ। তাৰ পিছত মই ৰাতি ৮ বজাত ঘৰলৈ উভতি আহো।

ইয়াৰ উপৰিও তেওঁ কয়- যোৱা দুবছৰত মই যি শিকিলো সেইবোৰে, এই বছৰ জেইই মেইন চেচন-১ পৰীক্ষাত মোক সহায় কৰিছে। ইয়াৰ উপৰিও, অনুশীলনী পৰীক্ষাবোৰৰ পৰা যথেষ্ট সহায় হৈছিল। কিয়নো এলেনৰ আৰ্হি কাকত জেইই মেইনৰ দৰে একে। ইয়াৰ বাবে, মই জেইই মেইন কাকতত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো। এতিয়া মোৰ মনোযোগ জেইই এডভান্সড ক্ৰেকিংত আছে। মই আই আই টি বোম্বাইৰ পৰা কম্পিউটাৰ বিজ্ঞান শাখাত এটা B.Tech কৰিব বিচাৰো।

উল্লেখ্য যে এগৰাকী ব্যৱসায়ী ৰাজীৱ কুমাৰ পাৰেক আৰু সৰীতা পাৰেকৰ কন্যা স্নেহা পাৰেক। স্নেহাই দশম শ্ৰেণীৰ পৰীক্ষাতো লাভ কৰিছিল ৯৫ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in