এ চিৰ ভিতৰত ওলাল ৫ টা সাপ…

এ চিৰ ভিতৰত ওলাল ৫ টা সাপ…

ডিজিটেল ডেস্কঃ 'বাঘে দেখি খায় আৰু সাপে লেখি খায়' অসমীয়াত এষাৰ কথা আছে। যদিও সাপে যিকোনো সময়তে আক্ৰমণ নকৰে তথাপি সাপ দেখিলেই ৭ জাপ মৰা মানুহৰ সংখ্যাই বেছি। সাপলৈ ভয় কৰা মানুহৰ শোৱনি কোঠাত যদি এটা দুটা নহয় ৫ টাকৈ সাপ ওলায় তেতিয়া কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে!শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে থাইলেণ্ডত।

শোৱনি কোঠাত থকা এ চিৰ পৰা বতাহ নহাৰ বাবে এ চিটো খুলি গৃহস্থই দেখে তাৰ ভিতৰত আছে ৫টা সাপ। থাইলেণ্ডৰ সংবাদ মাধ্যম 'টি নিউজ'ৰ মতে এ চি টোৰ পৰা মাজে মাজে অতিপাত শব্দ ওলাইছিল, যাৰ বাবে তেও এ চি টো খুলি চাওতে সাপকেইটা প্ৰত্যক্ষ কৰিছিল।উল্লেখ্য যে, সাপৰ এনে ঘটনা নতুন নহয়, কিছুদিনৰ পূৰ্বে থাইলেণ্ডৰে এঘৰত ঘৰৰ ভিতৰত ওলাইছিল ৪৫ টা সাপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in