আজিও সুলভ নহয় চৰকাৰী চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা, দুমাহতে বহুলোকে হেৰুৱাইছে প্ৰাণ

আজিও সুলভ নহয় চৰকাৰী চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা, দুমাহতে বহুলোকে হেৰুৱাইছে প্ৰাণ

দেশত ক্ৰমাৎ বৃ্দ্ধি পাইছে সৰ্প দংশনৰ ঘটনা। প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ। অসম ইয়াৰ ব্যতিক্ৰম নহয়। সৰ্প দংশনৰ ঘটনা ৰোধ কৰাত গুৰুত্ব নাই বিয়াগোম স্বাস্থ্য বিভাগৰ। বিজ্ঞাপন দি টকাৰ শৰাধ কৰিয়ে নিজৰ কাম সামৰিছে বিভাগটোৱে। এই সংক্ৰান্তত পলাশ জ্যোতি গগৈৰ এক প্ৰতিবেদন।

'আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল'। অতীতৰে পৰা প্ৰচলিত হৈ অহা এই ফকৰা যোজনাটো বৰ্তমান সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কাম কাজৰ সৈতে খাপ খাই পৰিছে। একাংশ চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে কলংকিত কৰিছে স্বাস্থ্য বিভাগক। এই কাৰ্যত হাত উজান দিছে বিভাগটোৰ উচ্চ পদস্থ বিষয়াই। অভিযোগ যেন লগা এই কথাষাৰ সঁচা প্ৰমাণিত হৈছে বৰ্তমান সময়ত।

বানপানীয়ে ৰাজ্যৰ ৩৩ খন জিলাৰ ৩০ খনকে বেয়াকৈ ক্ষতি কৰিছিল। বানৰ বাবে পূৰ্বে বিষাক্ত সাপ নথকা বহু ঠাইত সাপে বাহ সাজিলে। বিষাক্ত সাপৰ দংশনৰ বাবে অকাল মৃত্যুক আকোৱালিবলগীয়া হৈছে বহু কণ কণ শিশুৱেও। তেনে এক ঘটনা সোমবাৰে সংঘটিত হৈছে বিহপুৰীয়াত। প্ৰথমে সৰ্প দংশনত মৃত্যু হোৱা এগৰাকী কণমানিৰ আত্মীয়ৰ এটা মন্তব্য শুনি লওক-

ৰাজ্যৰ ২৭ খন জিলাত উপলব্ধ সৰ্প দংশনৰ চিকিৎসা সেৱা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰিছিল এক বিজ্ঞাপন। সেই বিজ্ঞাপনতে উন্নয়নৰ ফটা ঢোল বজোৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ ববে জিলাসমূহৰ ক'ত ক'ত চিকিৎসা সেৱা উপলব্ধ সেই কথা প্ৰকাশ কৰিছিল। লখিমপুৰৰ আন ৩ খন চিকিৎসালয়ৰ লগতে নাম আছিল বিহপুৰীয়াৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ। পিছে চৰকাৰী ধনেৰে দৰমহা লৈ ৰাইজৰ সেৱাৰ নামত কাম ফাকি দি বহি থকা একাংশ কৰ্মচাৰীৰ কামে সকলোকে চিন্তিত কৰিছে।

বিহপুৰীয়াৰ সমীপৰ খ'ৰাত সৰ্প দংশনত প্ৰথমে আহত হৈছিল কণমানিজনী। তাইৰ নাম আছিল স্বস্তিকা বৰুৱা। পিতৃ আছিল প্ৰাঞ্জল বৰুৱা। ৬ বছৰীয়া কণমানিজনীক চিকিৎসালয়লৈ লৈ গৈছিল পিতৃ-মাতৃয়ে। তাৰ পিছতে চিকিৎসা প্ৰদান কৰাৰ সলনি চিকিৎসকে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসা উপলব্ধ বুলি মাত্ৰ কাকতে পত্ৰই বিজ্ঞাপন দিয়ে দায়িত্ব সামৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে। কিয়নো কিছুদিন পূৰ্বে সেইখন চিকিৎসালয়তে সৰ্প দংশনত আহত লোকক চিকিৎসা কৰি জীৱন ৰক্ষা কৰিছিল চিকিৎসকে। তাৰ পিচতো সোমবাৰে উপলব্ধ নহ'ল সেই সুবিধা। মৃত্যু মুখত পৰিল কণমানিজনী। কণমানিজনীৰ পৰিয়ালৰে বহুলোকে অৱশ্যে বিশ্বাস নকৰে বেজৰ কথা। তাৰ উদাহৰণ এয়া-

তৎক্ষণাত চিকিৎসা লাভ কৰা হ'লে পিতৃ-মাতৃৰ বুকু শুদা নহ'লহেতেন। হেৰাই নগ'ল হেতেন এটা ভৱিষ্যত। কণমানিজনীক কোনোধৰণৰ চিকিৎসা নকৰাকৈয়ে লখিমপুৰলৈ প্ৰেৰণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই। এতিয়া এই খবৰ লাভ কৰাৰ পিছত হয়তো কোনো চৰকাৰী বৰমুৰীয়াই চিকিৎসালয়খনত চাডেন ভিজিত দিব। কিন্তু তাৰ পৰা লাভেই বা কি হ'ব।

বিগত কিছুদিনত সাপৰ দংশনত বহু লোকৰ মৃত্যু হৈছে। শুই থকা অৱস্থাত সাপে দংশন কৰি প্ৰাণ লৈছিল কাছাৰৰ ৭ বছৰীয়া এটা শিশুক। ২৮ জুনত এই ঘটনা সংঘটিত হৈছিল। ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও লালবাগৰ অমিত ভূমিজ নামৰ ৭ বছৰীয়া শিশুটোৰ মৃত্যু হৈছিল।

যোৱা ৯ আগষ্টত ওৰাঙত সৰ্প দংশনত এটি পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হৈছিল। বিদ্যালয়ৰ পৰা আহি শিশুটোৱে ওচৰতে থকা নৈত মাছ মাৰিবলৈ গৈছিল। সেই সময়তে সংঘটিত হয় এই অঘটন। মাছ মাৰি থকা অবস্থাতে পানীৰ তলত বিষাক্ত সাপে দংশন কৰে কিশোৰটিক। পিছত ততাতৈয়াকৈ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে কিশোৰটিক মৃত বুলি ঘোষণা কৰে।

ৰহাৰ এক ঘটনা। দগাৱঁত বিবেক নাথ নামৰ এজন যুৱক নৱ বিবাহিতা পত্নীৰ সৈতে নিশা ঘৰৰ পৰা বাহিৰলৈ গৈছিল। ৯ আগষ্টত সংঘটিত হৈছিল সেই অঘটন। এডাল বিষাক্ত সাপে দংশন কৰিছিল বিবেকক। লগে লগে বিবেকক নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে এণ্টি ভেনম বেজী দিয়ে।

ৰহাৰ বিবেকৰ মৃতদেহ…

পৰিয়ালৰ লোকসকলেবিশ্বাস কৰিছিল বেজ। পৰিয়ালৰ লোকে বিবেকক চিকিৎসালয়ৰ পৰা আনি মৰিগাৱঁৰ এজন বেজৰওচৰলৈ লৈ যায়। কিন্তু পুৱা বিবেকৰ মৃত্যু হয়। তাৰ পিচতো নিয়া হয় আন বেজৰ ওচৰলৈকিন্তু তেওঁক ৰক্ষা কৰিব পৰা নাযায়।

এই বৰ্ষৰ জুন মাহৰে আন এক ঘটনা। শালকোছাত অন্ধবিশ্বাসৰ চৰম পৰ্যায়। বিষাক্ত ফেটি সাপে দংশন কৰিছিল পূজা নাথ নামৰ এটি ৫ বছৰীয়া কণমানিৰ৷ ফলত মৃত্যুক সাৱটি লৈছিল শিশুটিয়ে৷ শিশুটিক পুনৰ প্ৰাণ দিবৰ বাবে কলৰ ভুৰত ব্ৰহ্মপুত্ৰত উটুৱাই দিছিল একাংশ লোকে।

শালকোছাৰ ঘটনাটো…

২০১৮ চনৰ এক ঘটনা। সৰ্প দংশনত আহত হোৱা লোকৰ চিকিৎসাৰ বাবে চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনত আছিল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নাম। সেইদৰে ঘোৰাবন্ধাৰ তৰুলতা দেৱী নামৰ ৫৮ বছৰীয়া এগৰাকী মহিলাক বিষাক্ত সাপে দংশন কৰাৰ লগে লগে পৰিয়ালৰ লোকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। ছেপ্তেম্বৰ মাহত সংঘটিত হৈছিল এই ঘটনা। দুঃচিন্তাৰ মাজতো এবুকু আশা লৈ চিকিৎসালয়খনলৈ গৈছিল পৰিয়ালৰ লোকসকল। চিকিৎসালয়খনত ৰোগীগৰাকীক প্ৰদান কৰিব নোৱাৰিলে এন্টি ভেনম। সাপে দংশন কৰিলে দিবলগীয়া এণ্টিভেনম আইচিইউ ব্যৱস্থা নাছিল চিকিৎসালয়খনত। সকলো শেষ হৈ গৈছিল।


তৰুলতা দেৱী নামৰ ৫৮ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ।

২০১৮ চনৰ ২৭ আগষ্টৰ কথা। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাৰ শচীন কুমাৰ নাথ নামৰ এজন লোকৰ দুবছৰীয়া কন্যা সন্তান জংকি নাথে বিস্কুট আনিবলৈ গৈ সৰ্পদংশনত কৰুণ মৃত্যুক সাৱটি লয়। ওপৰত থকা এটা বিস্কুটৰ টেমাৰ পৰা বিস্কুট আনিবলৈ লৈছিল তেনেতে ভৰিত সাপে খুটে।

জানিব পৰা মতে, মাকৰ লগত খেলি থকা কণমানি শিশুগৰাকীয়ে এপাকত ৰেক'ৰ ওপৰত থকা বিস্কুটৰ টেমাৰ পৰা বিস্কুট আনিবলৈ যায়। বিস্কুটৰ টেমা ভালদৰে ঢুকি নোপোৱাত কণমানি শিশুগৰাকীয়ে এখন ভৰি ৰেক'ৰ ওপৰত দি আনখন ভৰি মাটিত ৰাখি বিস্কুটৰ টেমাতো আনিবলৈ চেষ্টা চলায়। তাৰ পিছতে তেওঁক সাপে খুটে। কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত প্ৰথমে তেওঁক ভৰ্তি কৰা হয়। পিছত কণমানিজনীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৱাৰ আছাম চিকিৎসালয়লৈ নিয়া হয়। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে, চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ তিনিঘণ্টা পিছতো এণ্টিভেনম নিদিয়া বাবেই কণমানিগৰাকী মৃত্যু মুখত পৰা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে।

'বাঘে খায় দেখি, সাপে খায় লেখি' বুলি এতিয়াও বিশ্বাস কৰি থকা ৰাজ্যখনত সৰ্প দংশনৰ ঘটনা এনেদৰেই দিনক দিনে বৃদ্ধি পাইছে। হেৰাই গৈছে বহু কণ কণ শিশু তথা একো একোটা ভৱিষ্যত। মানুহৰ মাজত এতিয়াও আছে অতীত প্ৰীতি। বৰ্তমান চলি আছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। সকলো লোকৰে জীৱনত প্ৰভাৱ পৰিছে বৈজ্ঞানিক চিন্তাধাৰাৰ। কিন্তু বহুলোকে এৰিব পৰা নাই অতীত প্ৰীতি। যাৰ বাবে সাপে খুটিলে এতিয়াও চিকিৎসকৰ সলনি বিচাৰি যায় বেজ। বেজী দিব বুলি ভয় কৰা লোকসকলে বেজৰ হাতত অৰ্পন কৰে নিজৰ জীৱন।


চৰকাৰী বিজ্ঞাপনটো…

চিকিৎসালয়ৰ পৰা লৈ যায় ঘৰলৈ। সন্ধানত নামে বেজৰ। ৰহাৰ সেই ঘটনা তাৰে উদাহৰণ। চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈয়ে বেজৰ ওচৰলৈ লৈ গৈছিল। বেজেও নোৱাৰিলে বচাব। তেনে এক উদাহৰণ বিহপুৰীয়াৰ ঘটনাটো। বিষাক্ত ফেটি সাপে দংশন কৰাৰ বাবে শালকুছাৰ পূজা নাথ নামৰ এটি ৫ বছৰীয়া কণমাণিক পুনৰ প্ৰাণ দিবৰ বাবে কলৰ ভুৰত ব্ৰহ্মপুত্ৰত উটুৱাই দিছিল একাংশ লোকে।

এইসমূহ একো-একোটা উদাহৰণ। কাগজে-পত্ৰই উন্নতি হোৱা বুলি কোৱা ৰাজ্যৰ স্বাস্থ্যখণ্ডই এতিয়া এনেদৰেই মৃত্যুৰ ক্ষণ গণিছে। ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ৰোগীক ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰা বিভাগটোকে প্ৰয়োজন হৈছে এখন এম্বুলেন্সৰ। কাকতত বিজ্ঞাপন দিয়েই দায়িত্ব সামৰাৰ চেষ্টা চলাইছে চৰকাৰে। সৰ্প দংশনৰ আকস্মিক দুৰ্ঘটনাৰ বাবে চৰকাৰ সদায়েই সচেতন বুলি কৈ যিমানে বিজ্ঞাপন দি সেই কথা প্ৰমাণ কৰিবলৈ চেষ্টা নকৰক কিয় কাৰ্যক্ষেত্ৰত হোৱা দেখা নাই সেয়া। অসম চৰকাৰ সদা সচেতন বুলি বিজ্ঞাপনটোত দাবী কৰিলেও বাস্তৱত দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি। বিহপুৰীয়াত বেজগৰাকীয়ে কি কৈছিল শুনক তেওঁৰ মুখেৰেই-

সৰ্প দংশনক লৈ এতিয়াও সজাগ হোৱা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগ। সজাগ কৰিব পৰা নাই সাধাৰণ লোককো। প্ৰয়োজনীয় এন্টেভেনমৰো যোগান ধৰিব পৰা নাই চিকিৎসালয়ত। বিভাগটোৱে মাত্ৰ ইয়াৰ বাবে দায়ী নহয়। চিকিৎসকৰ সমানে ৰোগীৰ অভিভাৱক সকলো সজাগ হ'ব লাগিব। বেজৰ পৰিৱৰ্তে বিচাৰিব লাগিব চিকিৎসকৰ সহায়। ৰহাৰ ঘটনাটো-

অসমত বিভিন্ন সাপদেখিবলৈ পোৱা যায়। তাৰে ভিতৰত প্ৰায় ১০ বিধ বিষাক্ত সাপ দেখিবলৈ পোৱা যায়। ফেটীসাপ, বাটচুপা সাপ, ৰাছেল ভাইপাৰ, হালধীয়া ভাইপাৰ, ক'লা শংখচূড় আৰুগোৱালা সাপ অতি বিষাক্ত হোৱাৰ লগতে কাল নাগ, লতা সাপ, নকলি ভাইপাৰ আৰু গোকুল মেকুৰী সাপ কম বিষাক্ত। ইফালে ঢোৰা সাপ, কেচু সাপ, বামুণী সাপ, বাকৰাজ, কাৰ্শলা, চেঙেলী গোম, মাল্লিবৰ, খুকুৰী সাপ আদি বিষাক্ত নহয়।

ইফালে স্বাস্থ্যখণ্ডৰ বি এম যে নামৰ এখন আগশাৰীৰ আলোচনীত প্ৰকাশ পোৱা খবৰ অনুসৰি ভাৰতত প্ৰায় ৫০ হাজাৰ লোক প্ৰতিবছৰে সৰ্প দংশনৰ বাবে মৃত্যু মুখত পৰে। তাৰ অধিকাংশ কাৰণ হৈছে চিকিৎসালয়ত নিৰ্দিষ্ট সময়ত আক্ৰান্ত লোক গৈ নোপোৱা, এন্টিভেনম সময় মতে নোপোৱা, চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰা ইত্যাদি। কোনো লোকে যদি ৬ ঘন্টাৰ ভিতৰত নিৰ্দিষ্ট চিকিৎসা লাভ কৰে তেতিয়া তেওঁৰ পক্ষে জীয়াই থকাটো সম্ভৱ বুলিও প্ৰকাশ কৰিছে আলোচনীখনে।

ইফালে চৰকাৰী সূত্ৰত প্ৰকাশিত অনুসৰি এই পৰিমাণ কম। কিয়নো ২০১৬ চনত সৰ্প দংশনৰ মুঠ সংখ্যা হৈছে ১,৭৮,৪৩৩টা। ঠিক তেনেদৰে ২০১৭ চনত সেই সংখ্যা ১,৪২, ৩৬৬ জন। আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ২০১৬ চনত ১,০৬৩ আৰু ২০১৭ চনত এই সংখ্যা ৯৪৮। সি যি কি নহওঁক চৰকাৰে সুবিধা উপলব্ধ হোৱা বুলি যিমানে বিজ্ঞাপন নিদিয়ক কিয় প্ৰকৃতাৰ্থত যদি সেইসমূহ সুবিধা উপলব্ধ নহয় তেন্তে বহুলোকেই প্ৰাণ হেৰুৱাবলগীয়া হ'ব। চৰকাৰে মাত্ৰ বিজ্ঞাপন দিয়াৰ লগতে ৰাজকোষৰ ধন অপচয় কৰিয়ে দায়িত্ব সামৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in