প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰীৰ টুইট, লালবাহাদুৰ শাস্ত্ৰীক অপমান কৰাৰ অভিযোগ

প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰীৰ টুইট, লালবাহাদুৰ শাস্ত্ৰীক অপমান কৰাৰ অভিযোগ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰিয়ংকা গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰিয়ংকা গান্ধীৰ ওপৰত অভিযোগ উত্থাপন কৰি স্মৃতি ইৰাণীয়ে টুইটাৰত এটা ভিডিঅ' টুইট কৰে।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই ভিডিঅ'টোত কয় যে- প্ৰিয়ংকা গান্ধীয়ে নিজৰ ডিঙিৰ পৰা মালাডাল হাতত লোৱাৰ পাছত সেই মালাডালেৰেই আকৌ প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰতিমূৰ্তিত ম্যালাৰ্পণ কৰে। স্মৃতি ইৰাণীয়ে এই ঘটনাটোক শাস্ত্ৰীজীৰ বাবে অপমান বুলি অভিযোগ কৰিছে। লগতে এয়াই কংগ্ৰেছৰ প্ৰকৃত সংস্কাৰ বুলিও অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in