গলিত ৰৈ কিয় হুকহুকাই কান্দিছে স্মৃতি ইৰানীয়ে, চাওঁক VIDEO

গলিত ৰৈ কিয় হুকহুকাই কান্দিছে স্মৃতি ইৰানীয়ে, চাওঁক  VIDEO

ডিজিটেল ডেস্কঃ স্মৃতি ইৰানী,মোডী চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। ছবিজগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা স্মৃতি ইৰানী বৰ্তমান বিজেপি দলৰ এগৰাকী প্ৰভাৱশালী মহিলা ৰাজনীতিক। এসময়ৰ জনপ্ৰিয় হিন্দী ধাৰাবাহিক 'সাচ ভি কভী বহু থী'ৰ জৰিয়তে সমগ্ৰ দেশত স্মৃতি ইৰানী হৈ পৰিছিল এখন চিনাকী মুখ।

তাৰপাছতে ৰাজনীতি পথাৰতো সফল যাত্ৰা ইৰানীৰ। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হল হাৰিয়ানাস্থিত গুড়গাৱস্থিত এটা এলেকাত। যিটো এলেকাত পাৰ হৈছিল ইৰানীৰ শৈশৱ,যৌৱন আৰু অভিনয় জগতৰ বহু সময়। এলেকাটোত প্ৰৱেশ কৰিয়েই ইৰানীয়ে হুকহুকাই কান্দি পেলালে। পাৰ কৰি অহা সময়বোৰৰ স্মৃতি জীপাল কৰি ইৰানীয়ে কলে 'সময় সলনি হৈছে,কিন্তু এই ঠাই টুকুৰাৰ সৈতে আত্নীয়তা সলনি হোৱা নাই।'

প্ৰায় ৩৫ বছৰৰ বিৰতিৰ মূৰত এলেকাটোৰ সকলো স্থান তন্ন তন্নকৈ ঘূৰি শৈশৱৰ বহু কথাই সোৱঁৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এলেকাটোৰ পুৰণি বাসিন্দাৰ সৈতে পাৰ কৰা এটা ভিডিঅ'ও টুইটাৰত আপলোড কৰিলে ইৰানীয়-

আচলতে এই ভিডিঅ'টো বলিউদৰ জনপ্ৰিয় পৰিচালক একতা কাপুৰ আহিবলগীয়া ৱেব চিৰিজ 'হোম'ৰ এটা প্ৰমোচন ভিডিঅ হিচাপে ব্যৱহাৰ কৰা হব। সেয়া যি কি নহলেও স্মৃতি ইৰানীৰ মতে 'ব্যস্ততাৰ মাজতো মই আপোন মানুহৰ সৈতে আন্তৰিকতাৰে অকনমান সময় পাৰ কৰিলো,যি আন্তৰিকতা আছিল নিৰ্ভেজাল।'

উল্লেখ্য যে একতা কাপুৰৰ এই ৱেব চিৰিজখন অহা ২১ চেপ্তেম্বৰত মুক্তি পাব ।স্মৃতি ইৰানীৰ জনপ্ৰিয় ধাৰাবাহিক খনৰো পৰিচালক আছিল একতা কাপুৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in