বিশিষ্ট লেখক ইছমাইল হুছেইনলৈ ‘শংকৰ-আজান সমন্বয় বঁটা-২০১৯’

বিশিষ্ট লেখক ইছমাইল হুছেইনলৈ ‘শংকৰ-আজান সমন্বয় বঁটা-২০১৯’

ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ সমাজ-সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি মূল্যৱান অৱদান আগবঢ়োৱা বিশিষ্ট লেখক ইছমাইল হুছেইনক অহা ১০ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব 'শংকৰ-আজান সমন্বয় বঁটা-২০১৯'। অসমৰ অগ্ৰণী সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চই উক্ত নিৰ্ধাৰিত দিনটোত বিশিষ্ট লেখকগৰাকীক যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদান কৰিব এই বঁটা।

এক সাংস্কৃতিক মুখৰ পৰিৱেশত বৰ অসমৰ নিৰ্মাতা তথা খনিকৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰৰ বিশাল কৰ্ম ৰাজীক শ্ৰদ্ধা জনাই শংকৰ-আজান সমন্বয় বঁটা প্ৰদান কৰা হ'ব ইছমাইল হুছেইনক। ইফালে, দেওবাৰে এই সন্মানীয় বঁটাটি গ্ৰহণ কৰিবলৈ লেখকগৰাকীলৈ এখন আমন্ত্ৰণী পত্ৰও পঠিয়াই অসমৰ অগ্ৰণী সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in