শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল…

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল…

ডিজিটেল সংবাদ, শিলচৰঃ দুদিনৰ ভিতৰত দুবাৰ ৰক্তদান কৰিবলৈ গৈ এইবাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাতেলোটে ধৰা পৰিল এজন তেজৰ দালাল ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ব্লাড বেংকৰ কম্পিউটাৰত মজুত থকা ফটো পৰীক্ষা কৰি ৰক্তদান কৰা দালাল জনক কৰায়ত্ত কৰে ব্লাড বেংক কতৃপক্ষই ৷

ব্লাড বেংকৰ এক সুত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণক সদৰী কৰা মতে, বুধবাৰে ব্লাডবেংকত ৰক্তদান কৰি থকা অৱস্থাত এজন যুৱকৰ ওপৰত সন্দেহ হয় ব্লাডবেংকৰ একাংশ কৰ্মচাৰীৰ ৷ ৰক্তদাতা জনৰ নাম জানিব বিচৰাত তেওঁ নিজকে এঞ্জামুল লস্কৰ বুলি পৰিচয় দিয়ে ৷

এঞ্জামুলৰ ফটোখনৰ সৈতে যোৱা সোমবাৰে ৰক্তদান কৰা বিকাশ দাস নামৰ যুৱক জনৰ লগত হুবহু মিলি যোৱাত বিস্মিত হয় কৰ্মচাৰী কেইজন ৷ পিচত বিষয়টো শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কতৃপক্ষক অৱগত কৰোৱাত কেইবাগৰাকী চিকিৎসক আৰু বিষয়া ব্লাড বেংকত উপস্থিত হয় ৷ বিষয়া সকলে ৰক্তদাতা জনক মাৰাথান জেৰা কৰাৰ পিচত তেওঁ যোৱা সোমবাৰেও বিকাশ দাস নামে ৰক্তদান কৰা বুলি স্বীকাৰ কৰে ৷

অধিক ধনৰ বিনিময়ত ৰোগী সকলক এইদৰে তেজ বিক্ৰী কৰাৰ কথাও অকপটে স্বীকাৰ কৰে তেজৰ দালাল জনে ৷ ৰক্ত বৃদ্ধিৰ বাবে এবিধ ঔষধ সেৱন কৰি এইদৰে কৃত্ৰিম ৰক্ত উৎপন্ন কৰে বুলি বিষ্ফোৰক স্বীকাৰোক্তি দিয়ে দালাল জনে ৷ ব্লাড বেংকত তেজ নোপোৱা কিছু ৰোগীক অধিক ধনৰ বিনিময়ত এই কৃত্ৰিম তেজ বিক্ৰী কৰাৰ কথাও স্বীকাৰ কৰে তেজৰ দালাল জনে ৷

ব্লাড বেংকৰ একাংশ কৰ্মচাৰীৰ সহযেগত এটি দালাল চক্ৰই এইদৰে দুই তিনি দিনৰ মুৰত ৰক্ত দান কৰে ৷ দালাল জনৰ এই বিষ্ফোৰক স্বীকাৰোক্তিৰ পিছতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কতৃপক্ষই
দালাল জনক আটক কৰি ঘুংগুৰ আৰক্ষীক গতাই দিয়ে। এই সংক্ৰান্তত এটি গোচৰো ৰুজু কৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় কতৃপক্ষই ৷

উল্লেখ্য যে ব্লাডবেংক সহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত বিভিন্ন দুৰ্নীতিৰ ফলত কিছুদিন পুৰ্বে কেবাজনো গ্ৰেপ্তাৰ হৈছিল ৷ চাকৰিৰ পৰা নিলম্বিত হৈছিল অধীক্ষক ডা: এ কে বৈশ্য ৷ গ্ৰেপ্তাৰ হৈ জেলো খাটিছিল বৈশ্যই ৷ কৰ্মচাৰী বিদ্যুুত বৰ্মন সহ পাচজন কৰ্মীও গ্ৰেপ্তাৰ হৈছিল ৷ গ্ৰেপ্তাৰৰ ভয়ত আগতীয়া জামিন লৈছিল অধ্যক্ষা ডা: শিল্পী ৰানী বৰ্মন আৰু ডাঃ কল্লেল ভট্টাচাৰ্যই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in