চিৰাঙৰ কাজলগাঁৱৰ ক্ষুদ্ৰ ব্যবসায়ীৰ ব্যতিক্ৰমি প্ৰয়াসঃ পকেটৰ ধনেৰে চলাইছে স্বচ্ছতাৰ অভিযান…

চিৰাঙৰ কাজলগাঁৱৰ ক্ষুদ্ৰ ব্যবসায়ীৰ ব্যতিক্ৰমি প্ৰয়াসঃ পকেটৰ ধনেৰে চলাইছে স্বচ্ছতাৰ অভিযান…

ডিজিটেল সংবাদ চিৰাংঃ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ বৰ্ষপূৰ্তি উপলক্ষ্যে সমগ্ৰ দেশজুৰি উদযাপিত হৈছে আজাদী কা অমৃত মহোৎসৱ । দেশৰ এই স্বাধীনতাৰ ৭৫ বছৰ বৰ্ষপূৰ্তি অনুষ্ঠান বিভিন্ন জনে বিভিন্ন ধৰণৰে উদযাপন কৰা প্ৰয়াস কৰি আছে ।

সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চিৰাং জিলা সদৰ কাজলগাঁৱৰ ক্ষুদ্ৰ যুৱ ব্যৱসায়ী এজনে ব্যতিক্ৰম প্ৰয়াসেৰে সমাজ সেৱা কৰা পৰিলক্ষিত হৈছে । ব্যবসায়ী জনে নিজৰ পকেটৰ ধন খৰচ কৰি কাজলগাঁৱত আৰম্ভ কৰিছে চাৰিদিনীয়া ছাফাই অভিযান কাৰ্য্যসূচী।

স্থানীয় প্ৰশাসনলৈ অপেক্ষা নকৰি কাজলগাঁৱৰ "ফুংবিলী চুইট ষ্টল" ৰ স্বত্বাধিকাৰী প্ৰদীপ বসুমতাৰীয়ে নিজাববীয়াকৈ ১০ গৰাকী শ্ৰমিক লৈ নিজেই নামি পৰিছে ছাফাই অভিযানত । কাজলগাঁও চহৰৰ মাজেদি যোৱা ৩১ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলৰ দুয়োকাষে থকা উপ-পথত জংঘলেৰে ভৰি পৰিছিল । ফলত চহৰখনৰ বাহ্যিক পৰিবেশ বিনষ্ট হোৱাৰ উপৰিও পথচাৰী সকলে অসুবিধাৰ সন্মুখীন হৈ আহিছিল ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাজলগাঁও চহৰৰ সৌষ্ঠৱ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি পুৱাই প্ৰথমে জাতীয় পতাকা উত্তোলন কৰি "ছাফাই অভিযান" আৰম্ভ কৰে । যি ছাফাই অভিযান অহা ১২ আগষ্টলৈ চলিব বুলি সদৰি কৰে।

লক্ষ্যনীয় বিষয় যে, আজিৰ পৰা আৰম্ভ কৰা ছাফাই অভিযানতে ক্ষান্ত নেথাকি ক্ষুদ্ৰ যুৱ ব্যৱসায়ী প্ৰদীপ বসুমতাৰীয়ে নিজৰ পকেটৰ ধন খৰচ কৰি উৰণীয়া সেতুৰ দুয়োকাষে থকা উপপথ দুটাৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাৰণে ফুলগছ ৰোপণ কৰাৰ এক পৰিকল্পনা যুগুত কৰিছে । আগন্তুক গান্ধী জয়ন্তীৰ দিনা এই ফুলগছ ৰোপণ কাৰ্য্যসূচীৰ আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে ।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰদীপ বসুমতাৰীৰ এই ব্যতিক্ৰমী প্ৰয়াসক কাজলগাঁওবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে আৰু তেখেতৰ শলাগ লৈছে । এই সন্দৰ্ভত প্ৰদীপ বসুমতাৰীয়ে কয় যে, এয়া কোনো আত্মপ্ৰচাৰৰ উদ্দেশ্যে নহয়। দেশৰ এই আজাদী কা মহোৎসৱৰ লগত সঙ্গতি ৰাখি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এটা ক্ষুদ্ৰ প্ৰয়াসেৰে দেশ তথা সমাজৰ সেৱা কৰিবলৈ সুযোগহে গ্ৰহণ কৰিছো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in