পৌৰসভাৰ পৰা ৮ হাজাৰ ভোটাৰক বাদ দিয়াত শিলচৰত প্ৰতিবাদ, মহিলাসহ সাংবাদিকৰ ওপৰত লাঠিচালনা আৰক্ষীৰ…

পৌৰসভাৰ পৰা ৮ হাজাৰ ভোটাৰক বাদ দিয়াত শিলচৰত প্ৰতিবাদ,  মহিলাসহ সাংবাদিকৰ ওপৰত লাঠিচালনা আৰক্ষীৰ…

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰৰ চহৰৰ ৰংপুৰত পথ অৱৰোধক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ আৰক্ষী আৰু অবৰোধকাৰীৰ মাজত হোৱা খণ্ডযুদ্ধৰ পিচত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰে ৷ এই ঘটনাত মহিলা সহ কেইবাজনো আন্দোলনকাৰী আহত হয় ৷

কৰ্তব্যৰত সাংবাদিকৰো ওপৰতো জপিয়াই পৰে আৰক্ষী ৷ সংবাদ কভাৰেজ কৰা অজিত দাস নামৰ এজন সাংবাদিকক লাঠি ছালনা কৰাত তেওঁৰ মূৰ ফাটি যায় ৷ লাঠিচলনাৰ পাছত প্ৰায় দুঘণ্টা ধৰি চলি থকা অবৰোধ মুক্ত হয় ৷ আন্দোলনকাৰীৰ বক্তব্য ৰংপুৰ এলাকাৰ বহু অংশ সম্পূৰ্ণ অনৈতিক বাবে শিলচৰ পৌৰ এলাকাৰ পৰা বাদ দি পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰা হয় ৷

পৌৰসভাৰ পৰা প্ৰায় ৮ হাজাৰ ভোটাৰৰ নাম কৰ্তনৰ নিৰ্দেশ দিয়ে পৌৰসভাই ৷ ইয়াতে ক্ষুদ্ধ হৈ পৰে নামবাদ পৰা নাগৰ্ক সকল ৷ পৌৰসভাৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বুধবাৰে উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ব্ক্ষোভ প্ৰদৰ্শন কৰাৰ পিচতো প্ৰশাসনৰ গা নলৰাত বৃহস্পতিবাৰে শিলচৰ- কুম্ভীৰগ্ৰাম ভি আই পি পথ আৰু- ইম্ফল ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৰংপুৰৰ সহস্ৰাধিক লোকে ৷

অৱৰোধ শান্তি পুৰ্নভাবে চলি থকাৰ মাজতে অৱৰোধস্হলীত দণ্ডাধীশ সহ বিশাল পৰিমাণৰ আৰক্ষীৰ লোক উপস্হিত হয় ৷ পিচত অৱৰোধকাৰী সকলৰ ওপৰত যধেমধে লাঠিছানা কৰে আৰক্ষী বুলি অভিযোগ আন্দোলন কাৰীৰ ৷ মহিলাৰ ওপৰতো জপিয়াই পৰে আৰক্ষী বাহিনী ৷ আৰক্ষীৰ লাঠিছালনতা কেবা গপাকী মহিলা আহত হোৱা বুলি অভিযোগ আন্দোলনকাৰীৰ ৷

ইফালে, লাঠিচালনাৰ অভিযোগ অস্বীকাৰ কৰি নিজকে নিৰ্দোষ সজাব বিছাৰিছে আৰক্ষীয়ে ৷ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসৰ মতে, আন্দোলনকাৰীয়ে হেনো ওলোটাকৈ মহিলা আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় ৷

ঘটনাস্থলীত উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম উপস্থিত হোৱাৰ পিচত আন্দোলনৰকৰী সকল উত্তেজিত হৈ পৰে ৷ বিধায়ক জনক অপদস্থ কৰি ঘটনাস্থলীৰ পৰা খেদি পঠিয়াই মহিলা আন্দোলনকাৰী সকলে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in