যান্ত্ৰিক বিজুতিৰ বাবে স্কাইৱান এয়াৰৱেজৰ হেলিকপ্টাৰৰ ভূটানত জৰুৰী অৱতৰণ….

যান্ত্ৰিক বিজুতিৰ বাবে স্কাইৱান এয়াৰৱেজৰ  হেলিকপ্টাৰৰ ভূটানত জৰুৰী অৱতৰণ….

ডিজিটেল ডেস্ক : স্কাইৱান এয়াৰৱেজৰ দ্বাৰা পৰিচালিত এখন হেলিকপ্টাৰ সোমবাৰে ভুটানত জৰুৰীকালীন অৱতৰণ কৰিব লগা হয়।পাইলটে জানিব দিয়া অনুসৰি হেলিকপ্টাৰ খনত কাৰিকৰী সমস্যা হোৱা বাবে জৰুৰী ভাবে অৱতৰণ কৰা হৈছিল। অৰুনাচলৰ প্ৰদেশৰ টাৱাংৰ পৰা আহিছিল হেলিকপ্টাৰ খন।

ৰাজধানী থিমফুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ পাৰো এটিচি সহযোগত ভুটানৰ নানলেম হেলিপেডৰ ওচৰত হেলিকপ্টাৰ মি-১৭২ খন অবতৰন কৰে। অৰুনাচলৰ অসামৰিক বিমান সচিবে জনোৱা অনুসৰি কৰ্মচাৰী আৰু সকলো যাত্ৰী সুৰক্ষিত অবস্থাত আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in