স্কাউট এণ্ড গাইডৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

স্কাউট এণ্ড গাইডৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ বান্দৰদেৱাঃ সোমবাৰে বিশ্ব চিন্তা দিৱস। স্কাউট এণ্ড গাইডৰ প্ৰতিস্থাতা লৰ্ড বেডেন পাৱেলৰ জন্মদিন।বিশ্বজুৰি প্ৰায় ১৮২ খন অংশীদাৰ দেশৰ স্কাউট এণ্ড গাইডৰ সাম্প্ৰতিক সদস্য সংখ্যা কেইবা মিলিয়ন।

ভাৰত স্কাউট এণ্ড গাইডৰ অন্তৰ্গত লখিমপুৰ জিলা শাখায়ো আজি বিশ্ববৰেণ্য ব্যক্তি গৰাকীৰ জন্মদিন দিনজোৰা কাৰ্যসূচীৰে পালন কৰে।বান্দৰদেৱাৰ সমীপৰ বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাবে world thing day শতাধিক স্কাউট ছাত্ৰ ছাত্ৰী অৰ্ধ শতাধিক গাইডৰ উপস্হিতিত পালন কৰা হয়।

পতাকা উত্তোলন, মাৰ্চপাৰ্চ, বন্তি প্ৰজ্বলনেৰে দিনটোৰ তাৎপৰ্য বিষয়ক সভা ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিষয়ক সাংস্কৃতিক কাৰ্যসূচী আদিৰে বিশ্ববৰেণ্য ব্যক্তিজনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in