স্কিপিংৰ জৰিয়তে ৰেকৰ্ড লামডিঙৰ প্ৰিয়ংকাৰ…

স্কিপিংৰ জৰিয়তে ৰেকৰ্ড লামডিঙৰ প্ৰিয়ংকাৰ…

ডিজিটেল ডেস্কঃ নতুন বছৰৰ প্ৰথম দিনটোতে লামডিঙলৈ আহিল সুখবৰ ৷ লামডিঙৰ এগৰাকী ছাত্ৰীয়ে ক্ৰীড়াৰ মাধ্যমেৰে International Book of Records ভিত্তিত The World Record ত স্থান লাভ কৰি লামডিঙৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনবলৈ সক্ষম হয় ৷ লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেনীৰ প্ৰিয়ংকা ভৌমিক নামৰ ছাত্ৰী গৰাকীয়ে অনলাইনৰ জড়িয়তে "Most Jogger Rope Skips" প্ৰতিযোগিতাখনত অশংগ্ৰহন কৰি ৩০ ছেকেণ্ডত ১৪০ বাৰকৈ skipping কৰি ৰেকৰ্ড কৰিবলৈ সক্ষম হয় ৷

মুম্বাইৰ প্ৰশিক্ষৰ দ্বাৰা প্ৰায় এবছৰ ধৰি অনলাইন মাধ্যমৰে প্ৰশিক্ষন লৈ আহিছে প্ৰিংয়কাই ৷ শিক্ষাৰ সমানে সমানে প্ৰিয়ংকাই ক্ৰিয়া জগততো একাগ্ৰতাৰে নিজাববীয়াকৈ আগোৱাই যাবলৈ সক্ষম হৈছে ৷ কেৱল The World Record তে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো বহু কেইটা সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

অসমৰ প্ৰথমগৰাকী অলম্পিয়ান লাভলীনা বৰগোহাই আৰু দৌৰ কন্যা হিমা দাসক আদৰ্শ হিচাপে মানি ক্ৰীড়া জগতত প্ৰিয়ংকাইয়ো দেখিছে অলিম্পিকৰ সপোন ৷ প্ৰিয়ংকাৰ ভৌমিকৰ পিতৃ প্ৰনৱ ভৌমিকেও কন্যাৰ সফলাত গৌৰৱাম্বিত হৈ কয় যে চৰকাৰে যদি সুবিধা দিয়ে তেনেহলে প্ৰিয়ংকাইয়ো অসম তথা ভাৰতৰ বাবে খেলিবলৈ আৰু সাহস উৎসাহ পাব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in