সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব প্ৰাক্তন এনডিএফবি কেডেৰকঃ কোকৰাঝাৰত দক্ষতা বিকাশ প্ৰশিক্ষণ শুভাৰম্ভ

সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব প্ৰাক্তন এনডিএফবি কেডেৰকঃ কোকৰাঝাৰত দক্ষতা বিকাশ প্ৰশিক্ষণ শুভাৰম্ভ

সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ'ব প্ৰাক্তন এনডিএফবি কেডেৰকঃ কোকৰাঝাৰত দক্ষতা বিকাশ প্ৰশিক্ষণ শুভাৰম্ভ

ডিজিটেল সংবাদ কোকৰাঝাৰ: ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিবলৈ বন্ধপৰিকল্প হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ । ইতিমধ্যে বিটিআৰ চুক্তিৰ অধিকাংশ দফা ৰূপায়ন হোৱাৰ পিছত এইবাৰ কেন্দ্ৰীয় , ৰাজ্য আৰু বিটিচি চৰকাৰে বিটিআৰ চুক্তিৰ ৯ নং দফা ৰূপায়ন কৰিবলৈ আগবাঢ়িছে । বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি অহা এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো ইতিমধ্যে সাকাৰ ৰূপ ধাৰণ কৰিছে । শনিবাৰে উক্ত বিষয়টোক লৈ গুৱাহাটীত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত দেওবাৰে কোকৰাঝাৰত এনডিএফবি সদস্যসকলকলৈ লৈ " দক্ষতা বিকাশ প্ৰশিক্ষণ"ৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰা হয় ।

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দেওবাৰে আনুষ্ঠানিকভাৱে দক্ষতা বিকাশ প্ৰশিক্ষণৰ শুভাৰাম্ভ কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, বড়ো শান্তি চুক্তিৰ বহু কেইটা দফা ইতিমধ্যে ৰুপায়ন হৈছে। চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ'ব । যিসকলৰ নিযুক্তিৰ ইতিমধ্যে বয়স উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । বিটিআৰ চুক্তিৰ দফা সমূহ আগন্তুক ছয় মাহৰ ভিতৰতে ৰুপায়ন কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৱে প্ৰতিশ্ৰুতি দিয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

ইতিমধ্যে অসম চৰকাৰে ৪ হাজাৰ প্ৰাক্তন এন ডি এফ বি কেডাৰলৈ চাৰি লাখকৈ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰিছে। এনডিএফবি সকলৰ গোচৰ মুক্ত কৰাৰ কাম চলি আছে আৰু কিছুদিনৰ ভিতৰত সেয়া সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কাৰ্বিআংলঙৰ বড়োসকলৰ পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদানৰ কামো সফল হোৱাৰ পথত বুলি মন্তব্য কৰিছে । হাতত পুনৰ অস্ত্ৰ লৈ জংঘললৈ যোৱা এন এল এফ বি অস্ত্ৰধাৰী সংগঠনক পুনৰ মূল সুঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে কয়, চৰকাৰৰ বিৰোদ্ধে কেইজনমান লৰাই ডাঙৰ বিপ্লৱ আনিব নোৱাৰে । তেওঁলোক কাৰোবাৰ প্ৰৰোচনাত পৰি জংঘললৈ গৈছে । সমাজত থাকি সমাজক আগুৱাই নিয়াৰ হে যুদ্ধ হ'ব লাগে বুলি মন্তব্যৰে প্ৰমোদ বড়োৱে অৰ্থনৈতিক , গুণগত শিক্ষাৰ ওপৰত হে বিপ্লৱ হোৱাৰ পোষকতা কৰিছে ।

আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হীৰেন চন্দ্ৰ নাথেও অস্ত্ৰ লৈ পুনৰ জংগললৈ যোৱা এন এল এফ বিৰ সদস্যসকলক ঘৰলৈ ঘুৰি আহিবলৈ আহ্বান জনায় । বৰ্তমানলৈকে ১৪২৯ গৰাকী পূৰ্বৰ উগ্ৰপন্থীক এককালিন সাহায্য দিয়া হৈছে আৰু তেওঁলোকক বৃত্তীমুখী প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব । অহা চেপ্টেম্বৰৰ ভিতৰত প্ৰাক্তন এনডিএফবি সদস্যসকলক পুণৰ সংস্থাপনৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি সদৰি কৰিছে হীৰেন চন্দ্ৰ নাথে ।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভিডিঅ' ক্লিপযোগে বড়ো শান্তি চুক্তিয়ে অঞ্চলটোলৈ শান্তি ঘূৰাই অনা বুলি সদৰি কৰি চুক্তিৰ দফাসমুহ যথোপযুক্তভাৱে কাৰ্যকাৰী কৰা হ'ব বুলি প্ৰকাশ কৰিছে । এই বিশেষ অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক হীৰেন চন্দ্ৰ নাথ, বি টি আৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক এল. আৰ. বিষ্ণই, বি টি চিৰ প্ৰধান সচিব শান্তনু পি. গোটমাৰে, বিধায়ক লৰেঞ্চ ইছলাৰী, বি টি আৰ অধ্যক্ষ কাটিৰাম বড়ো আৰু কাৰ্যবাহী সদস্যসকলে অংশগ্ৰহন কৰাৰ লগতে প্ৰাক্তন এনডিএফবি সদস্যসকলো অংশ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in