সলনি হ’ব ষষ্ঠ অনুসূচী! কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে উত্তৰ-পূবৰ ৩ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠক

সলনি হ’ব ষষ্ঠ অনুসূচী! কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে উত্তৰ-পূবৰ ৩ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠক

ডিজিটেল ডেস্কঃ সংশোধন হব সংবিধানৰ ষষ্ঠ অনুসূচীৰ। ইয়াৰ লগতে সংবিধানৰ ২৮০ নম্বৰ দফাৰ সাল সলনি ঘটাই ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত পৰিষদ সমূহলৈ প্ৰত্যক্ষ ভাৱে আবণ্টন দিয়া হ'ব ধন। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।

উল্লেখ্য যে, ২০১১ চনৰ ইউ পি ডি এছ আৰু ডি এইছ ডি তথা সশস্ত্ৰ সংগঠনৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ মৰ্মে এই সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে। ষষ্ঠ অনুসূচী সংশোধনীৰ জৰিয়তে কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত সদস্যৰ সংখ্যা বৃদ্ধি কৰি ৫০ জন আৰু ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত সদস্যৰ সংখ্যা ৪০ জনলৈ বৃদ্ধিৰ বাবেও সিদ্ধান্ত লোৱা হয়।

বৰ্তমান সময়ৰ পৰা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ঠাই সমূহত নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্চায়ত সদৃশ গাঁও পৰিষদ গঠন কৰা হব। উল্লেখ্য যে বৃহস্পতিবাৰৰ দিল্লীত অনুষ্ঠিত এই বৈঠকখনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু অসমৰ পৰা মন্ত্ৰী চন্দ্রমোহন পটোৱাৰী উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in