শিৱসাগৰত চাহ শ্ৰমিক সকলক বানচ প্ৰদান সন্দৰ্ভত সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰত চাহ শ্ৰমিক সকলক বানচ প্ৰদান সন্দৰ্ভত সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ, শিৱসাগৰঃ জিলাখনৰ অন্তৰ্গত চাহ বাগিচা সমূহৰ চাহ শ্ৰমিক সকলক বানচ প্ৰদানৰ বিষয়ে আলোচনা কৰাৰ অৰ্থে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বানচ প্ৰদান সন্দৰ্ভত আলোচনা কালত সাংসদ গৰাকীয়ে জিলাখনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষক শ্ৰমিক সকলক দিবলগীয়া বানচ সোনকালে মুকলি কৰি দিবলৈ আহ্বান জনায়।

বৈঠকত অসম চৰকাৰে ইতিমধ্যে অসম চাহ নিগমৰৰ অধীনস্থ চাহ বাগিচা সমূহৰ শ্ৰমিক সকলক ২০ শতাংশ বানচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে। এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ অসম চাহ নিগমৰৰ অধীনস্থ চাহ বাগিচা সমূহে শ্ৰমিক সকলক ২০ শতাংশ বানচ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে বুলিও তেওঁ জনায়। তেনেদৰে অন্যান্য ভালে কেইখন বৃহৎ আৰু মজলীয়া চাহ বাগিচা সমূহেও অনুৰূপ ঘোষণা কৰিছে বুলি সাংসদ গৰাকীয়ে জনায়।

উল্লেখ্য যে, এইক্ষেত্ৰত জিলাখনৰ বাকী বাগিচা সমূহে অহা দুই-তিনিদিনৰ ভিতৰত বানচ প্ৰদান সম্পৰ্কীয় স্থিতি স্পষ্ট কৰিব। আলোচনা প্ৰসংগত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে বানচ প্ৰদান কৰা সময়ছোৱাত চাহ বাগিচা এলেকা সমূহত অবৈধ সুৰা সেৱন, বিক্ৰী আৰু বিতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে অভিযান তীব্রতৰ কৰাৰ বাবে অৱকাৰী আৰু আৰক্ষী বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

বৈঠকত উপস্থিত থাকি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই বানচৰ ধন বেংকৰ পৰা বাগিচালৈ লৈ যোৱা সময়ছোৱাত প্ৰয়োজনীয় সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে নিকটৱৰ্তী আৰক্ষী চকী বা থানাত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনায়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলী, নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, সহকাৰী শ্ৰম আয়ুক্ত হিতেশ্বৰ ৰয়, বিভিন্ন চাহ বাগিচাৰ প্রৱন্ধক সকলৰ লগতে অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়-ববীয়া সকলো উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in