শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO

103

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক শিৱদলত অনুষ্ঠিত হোৱা মহা শিৱৰাত্রী উৎসৱক কেন্দ্ৰ কৰি শনিবাৰে শিৱসাগৰ চহৰ জনসমুদ্ৰত পৰিণত হয়৷ আহোম স্বৰ্গদেউ শিৱ সিংহৰ পত্নী বৰৰাণী দৌপদীয়ে নিৰ্মাণ কৰোৱা এই শিৱদলত প্ৰতিষ্ঠা দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজ অনুষ্ঠিত কৰি অহা হৈছে।

বিগত বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা শিৱৰাত্ৰীৰ শনিবাৰে তৃতীয় দিন৷ শনিবাৰে শিৱসাগৰৰ শিৱ দৌল চৌহদত ব্যাপক জন সমাগম হোৱা দেখা যায়। ভক্ত প্ৰাণ লোকে পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰা দেখা যায়।

বাস্তৱত শনিবাৰে শিৱৰাত্ৰিক কেন্দ্ৰ কৰি ঐতিহাসিক চহৰ খন জনসমুদ্ৰত পৰিণত হয়৷ দেওবাৰে শিৱৰাত্ৰি মেলা সামৰণি পৰিব৷ দেওবাৰে দিনৰ ভাগত চহৰখনিত কেইবা লক্ষাধিক লোকৰ সমাবেশ ঘটিব বুলি ধাৰণা কৰা হৈছে৷ এইবাৰ মেলাত সহস্ৰাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি