শিৱসাগৰত আৰ এছ এছৰ প্ৰান্তীয় পথ সঞ্চালন

শিৱসাগৰত আৰ এছ এছৰ প্ৰান্তীয় পথ সঞ্চালন

ডিজিটেল সংবাদ, শিৱসাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে শিৱসাগৰতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰান্তীয় সঞ্চলন দিৱস উপলক্ষে এক ৰেলী বাহিৰ কৰে। নগৰৰ কে পি চাৰিআলিৰ পুৰণা জিলা পুথিভঁৰাল প্ৰাংগণৰ পৰা উলিওৱা ৰেলীটোৱে সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰে। কেইবা শতাধিক সদস্যই অংশ গ্ৰহণ কৰে এই ৰেলীত।

ইয়াৰ পিছতে পুৰণা জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় এক সভাৰ৷ সভাত কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে আৰ এছ এছৰ প্ৰান্তীয় সঞ্চালন দিৱস উপলক্ষে বাহিৰ কৰা ৰেলীত যাতে কোনো ধৰণৰ অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in