নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰৰ ৰাজপথত ব্যৱসায়ী সন্থা

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰৰ ৰাজপথত ব্যৱসায়ী সন্থা

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাজ্যত ধাৰাবাহিক ভাৱে চলি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে অসমৰ জনগণ। বিজেপিৰ সংগ ত্যাগ কৰিলে এজিপিয়েও। মুকলি বিদ্ৰোহ কৰিছে বিজেপি দলৰ বহুকেইজন বিধায়কেও। তাৰ মাজতে আজি শিৱসাগৰৰ সমুহ ব্যৱসায়ী এই জাতি ধ্বংসী বিধেয়ক খনৰ বিৰূদ্ধে ওলাই আহিল ৰাজপথলৈ।

কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতি বাৰে শিৱসাগৰৰ সন্মিলীত ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু সকলো ব্যৱসায়ী সন্থা তথা ৰাইজৰ সহযোগত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সম্পূৰ্ণ বন্ধ ৰাখে নিজৰ নিজৰ ব্যৱসায়ীক প্ৰতিস্থান। ইয়াৰ লগতে ব্যৱসায়ী সকলে মুখত কলা কাপোৰ পৰিধান কৰি নগৰৰ দ'লমুখ চাৰিআলিত এক অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in