শিৱসাগৰ সদৰ থানাত হাজিৰ গীত কামৰূপা, গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ…

শিৱসাগৰ সদৰ থানাত হাজিৰ গীত কামৰূপা, গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ বুধবাৰে পুৱা শিৱসাগৰ সদৰ থানাত হাজিৰ হয় শিৱসাগৰৰ দল-সংগঠনৰ লগতে তৰল তথা বিতৰ্ক মন্তব্য কৰা বহুবল্কী মহিলা গীত কামৰূপা ৷ লগত আছিল বিজেপি নেতাৰ আলধৰা তথা বহুবল্কী সাম্প্ৰদায়িক ব্যক্তি সত্যৰঞ্জন বৰা ৷

এই খবৰ বিয়পি পৰাত গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী মুৰ্দাবাদ ,আৰ এছ এছ মূৰ্দাবাদ, বিজেপি মূৰ্দাবাদ শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ শিৱসাগৰ সদৰ থানাত বুধবাৰে উপস্থিত হৈছিল গীত কামৰূপা। ইতিপূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গীত কামৰূপাক চমন জাৰি কৰিছিল। শিৱসাগৰ আৰক্ষীৰ চমনৰ ভিত্তিত বুধবাৰে হাজিৰ হৈছিল গীত কামৰূপা।

শিৱসাগৰ সদৰ থানাৰ সন্মুখত দল-সংগঠনৰ প্ৰতিবাদত থানাৰ ভিতৰতে আবদ্ধ হৈ পৰে গীত কামৰূপা আৰু সত্যৰঞ্জন বৰা। দল-সংগঠনৰ অভিযোগ সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক ৰাজ আতিথ্য দিছে শিৱসাগৰ আৰক্ষীয়ে। বহুবল্কী পুৰুষ মহিলা গাড়ীৰ ডিকিত উঠিহে থানাৰ কৰা ওলাই যাব লগাত পৰে ৷
সত্যৰঞ্জনক লৈ যোৱা গাড়ী প্ৰতিবাদকাৰীয়ে ঢকিয়াই ক্ষোভ উজাৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in