নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে শিৱসাগৰত উত্তাল প্ৰতিবাদ…

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে শিৱসাগৰত  উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল যৌথ সংগ্ৰামী মঞ্চ। বিজেপি চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ নাগৰিকত্ব সংশেধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ উঠিপৰি লাগিছে। তাৰেই ক্ষোভত জ্বলিছে এতিয়া সমগ্ৰ অসম।

বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰত দহটা সংগঠনে গঠিত যৌথ সংগ্ৰামী মঞ্চই প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত সমবেত হৈ দহ সংগঠনৰ নেতা কৰ্মীয়ে হাতে হাতে জ্বলন্ত শিখা লৈ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। দ'লমুখ চাৰিআলিৰ পৰা হাস্পতেল ৰোড হৈ এ এছ টি চি তিনিআলি হৈ এ টি ৰোড বৰ্ডিং ফিল্ড হৈ মুক্তিনাথ চাৰি আলিত উপস্থিত হৈ দীৰ্ঘ সময় ধৰি চৰকাৰ বিৰোধী শ্লগান দিয়ে।

বিজেপি মুৰ্দাবাদ, হিন্দু বাংলাদেশী ৰক্ষক বিজেপি হুচিয়াৰ, জাতিদ্ৰোহী বিজেপি হুচিয়াৰ, অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা গ' বেক আদি ধ্বনিৰে শিৱসাগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

দহ সংগঠনৰ হৈ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আক্ৰাছু, টাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যান পৰিষদ, মৰিয়া যুৱ ছাত্ৰ সন্থা, ঐক্য সেনা, আহোম সেনাৰ সহস্ৰাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in