শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰিক ফলাফল

শিৱসাগৰ সমষ্টিৰ ১৮ খন গাঁও পঞ্চায়তৰ ১২ খন কংগ্ৰেছ আৰু ৬ খন বিজেপিৰ দখলত৷

কংগ্ৰেছৰ দখললৈ যোৱা গাঁও পঞ্চায়ত সমূহ—
১. বেতবাৰী
২. লাচিত
৩. খেলুৱা
৪. বানমুখ
৫. দিচাংধাইআলি
৬. হাঁহচৰা
৭. চেৰেকাপাৰ
৮. কোঁৱৰপুৰ
৯. চাউলকৰা
১০. নগৰমহল
১১. ৰংপুৰ
১২. শলগুৰি

বিজেপিৰ দখললৈ যোৱা পঞ্চায়ত-
১. দিচাংপাৰ
২. দিচাংমুখ
৩. পাণবেচা
৪. শান্তিপুৰ
৫. ৰূদ্ৰসাগৰ
৭. মগৰাহাট

জিলা পৰিষদৰ সংখ্যা- ৪ খন

কংগ্ৰেছৰ দখলৰ জিলা পৰিষদ-

১. ৰংপুৰ
২. শিৱসাগৰ
৩. বেতবাৰী

বিজেপিৰ দখলত- দিচাংমুখ

বিজেপি বিধায়ক কুশল দুৱৰীৰ থাওৰা সমষ্টিৰ ২০ খন পঞ্চায়তৰ সভাপতি পদত ১৮ খন বিজেপিৰ আৰু ২ খনত কংগ্ৰেছৰ জয়৷

নেমুগুৰি গাঁও পঞ্চায়ত আৰু থাওৰাদ'ল পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ জয়ী হোৱাৰ বিপৰীতে ১৮ খন পঞ্চায়তত বিজেপি জয়ী হৈছে৷
ইফালে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ১৯টা বিজেপিৰ আৰু ১টা কংগ্ৰেছৰ দখলত৷

সমষ্টিটোৰ ৪ খন জিলা পৰিষদৰ ৪ খনতে বিজেপিৰ জয় যাত্ৰা৷

অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ আমগুৰি সমষ্টিৰ ২১ খন পঞ্চায়তৰ কংগ্ৰেছে সভাপতি পদৰ ১০ খনত (আঞ্চলিক পঞ্চায়ত সদস্য ৮ খনত), অগপই ৮ খনত (আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ১০ খনত) আৰু বিজেপিয়ে ৩ খনত বিজয়ী হৈছে৷

কংগ্ৰেছৰ দখললৈ যোৱা পঞ্চায়ত সভাপতি পদ সমূহ-

১. খনামুখ
২. দেওৰজা
৩. ম'ৰাবজাৰ
৪. পেঙেৰা
৫. বৰাহীবাৰী
৬. লালিমচাপৰি
৭. নামতিদ'ল
৮. নামতিআলি
৯. কাৱৈমাৰী
১০. বৰবাম

বিজেপিৰ দখললৈ গ'ল-

১. বৰছিলা
২. বৰুৱাআলি
৩. আমগুৰি বাগান

অগপৰ দখলত ৰ'ল-

১. দিকচু
২. মোমাই তামুলী
৩. বৰুৱাপুখুৰী
৪. চাৰিং
৫. ভূঞাহাট
৬. হাফলুটিং
৭. হাতীঘূলি
৮. দিখৌমুখ

সমষ্টিটোৰ ৪ খন জিলা পৰিষদৰ ভিতৰত ১ খনত বিজেপি, ১ খনত কংগ্ৰেছ আৰু ২ খনত অগপ প্ৰাৰ্থীৰ জয়লাভ।

অগপৰ দখললৈ যোৱা জিলা পৰিষদ-
১. জকাইচুক
২. ম'ৰাবজাৰ

কংগ্ৰেছৰ দখললৈ যোৱা জিলা পৰিষদ-
১. আমগুৰি

বিজেপিৰ দখললৈ যোৱা জিলা পৰিষদ-

১. দোপদৰ

কংগ্ৰেছ বিধায়ক দেবব্ৰত শইকীয়াৰ নাজিৰা সমষ্টিৰ ২০ খন পঞ্চায়তৰ ১১ খন কংগ্ৰেছ আৰু ৯ খন বিজেপিৰ দখলত৷

সমষ্টিৰ চাৰিটা জিলা পৰিষদৰ ২ খন কংগ্ৰেছ আৰু ২ খন বিজেপিৰ দখলত৷

কংগ্ৰেছৰ দখলত-
১. নাজিৰা
২. জোকতলি

বিজেপিৰ দখলত-

১. আঠখেল
২. চুকাফা

ইফালে শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত লাকুৱা জিলা পৰিষদ কংগ্ৰেছৰ দখললৈ গৈছে৷ পৰিষদখনৰ চাৰিটা পঞ্চায়তৰ ৩টাত কংগ্ৰেছ জয়ী হৈছে৷

জিলাখনৰ সামগ্ৰিক ফলাফল-

মুঠ পঞ্চায়ত- ৮২

কংগ্ৰেছৰ দখলত– ৩৫ খন আৰু লাকুৱাৰ ৩ খন। মুঠ ৩৮ খন
বিজেপিৰ দখলত- ৩৬ খন
অগপৰ দখলত- ৮ খন

জিলা পৰিষদৰ মুঠ আসনৰ সংখ্যা- ১৭ খন

বিজেপিৰ দখলত- ৮ খন
কংগ্ৰেছৰ দখলত- ৭ খন
অগপৰ দখলত- ২ খন ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in