মোক উচ্চ পদস্থ বিষয়াৰ সৈতে নৈশ যাপনৰ হেঁচা দিছেঃ কোটিপতি ব্যৱসায়ী তথা বিজেপি কৰ্মীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ…VIDEO

মোক উচ্চ পদস্থ বিষয়াৰ সৈতে নৈশ যাপনৰ হেঁচা দিছেঃ  কোটিপতি ব্যৱসায়ী তথা বিজেপি কৰ্মীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ…VIDEO

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ বহু কোটিপতি তথা ব্যৱসায়ী ৰফিকুল হাজৰিকাৰ ওৰফে বাবুজানৰ বিৰোদ্ধে বলৎকাৰ ,ব্লেকমেইলিং তথা মাৰপিতৰ অভিযোগ উত্থাপন কৰিছে চেতিয়া উপাধিৰ এটা সন্তানৰ এগৰাকী মাতৃয়ে ৷ দীৰ্ঘদিনে ব্লেকমেইলিঙৰে মহিলা গৰাকীক ব্যৱসায়ী তথা বিজেপি কৰ্মীজনে যৌন নিৰ্যাতন কৰি অহা বুলি স্পষ্টভাবে পীড়িত মহিলা গৰাকীয়ে ব্যক্ত কৰিছে ৷

অ'এনজিচিত ঠিকাৰ কাম কৰা ৰফিকুল হাজৰিকা নাৰী সৰবৰাহৰ দৰে জঘন্য কাণ্ডতো জড়িত বুলি বিস্ফোৰক অভিযোগ উত্থাপন নিৰ্যাতিতাৰ ৷ পূৰ্বেও পত্নী চাবিহা চাহিন ওৰফে জুফু হাজৰিকাৰ হত্যাত অভিযুক্ত হৈছিল ৰফিকুল হাজৰিকা ৷ পিষ্টলেৰে খুন্দিয়াই খুন্দিয়াই উচ্চ শিক্ষিতা পত্নীক হত্যা কৰিছিল বাবুজানে ৷ বৰ্তমানেও বাবুজান পত্নী হত্যাৰ গোচৰটোত জামিন লৈ আছে ৷

নিৰ্যাতিতাক নিশা দিখৌ দলঙৰ সমীপৰ শ্ৰীমন্ত নগৰৰ গৃহত গৈ হত্যাৰ চেষ্টা চলাইছিল ৰফিকুল হাজৰিকাই ৷ নিৰ্যাতিতাৰ কণমানি পুত্ৰকো ডিঙি চেপি হত্যাৰ অপচেষ্টা কৰে ব্যৱসায়ী বাবুজানে৷ শিৱসাগৰ সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল নিৰ্যাতিতা বিধবা মহিলা গৰাকীয়ে ৷ এজাহাৰত দীৰ্ঘদিনে ৰফিকুল হাজৰিকাই ব্লেকমেইলিঙৰে ধৰ্ষণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে এজাহাৰকাৰী মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীয়ে এখনি সংবাদ মেলৰ আয়োজন কৰি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷

২০১৭ চনৰ পৰা ঠিকাদাৰ বাবুজানে সুৰাপান কৰি তেওঁক বলৎকাৰ কৰি আহিছে ৷ দুটাকৈ পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি প্ৰৰ্দশন কৰে মহিলা গৰাকীক ৷ মহিলা গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বহু কোটিপতি হোৱা ঠিকাদাৰ ৰফিকুল হাজৰিকাৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/২৯৪(বি)/৫০৬/৩২৩/৩৭৬/৩৮৪ ধাৰাৰ অধীনত ৩৯০/২০২০ নং গোচৰ পঞ্জীয়ণ কৰে ৷ কিন্ত লকডাউনৰ সময়ত ৰফিকুলে ঘৰৰ পৰা কি দৰে পলায়ন কৰিলে তাৰ লৈ প্ৰশ্ন উঠিছে ৷

শুকুৰবাৰে আৰক্ষীয়ে মহিলা গৰাকীক ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাত মহিলা গৰাকীয়ে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ মহিলা গৰাকীয়ে কয় – " মোক ৰফিকুল ওৰফে বাবুজানে দুবছৰৰ পুৰ্বে কাপোৰ বজাৰ কৰাৰ বাবে ডিমাপুৰলৈ লৈ গৈছিল ৷ ডিমাপুৰৰ এখন হোটেলত স্পাইটৰ লগত চেতনা নাশক দ্ৰব্য খোৱাই মোক অচেতন কৰি বলৎকাৰ কৰে ৷ মোক বিবস্ত্ৰ কৰি তেওঁ ভিডিঅ ৰেকৰ্ডিং কৰে ৷ সেই ভিডিঅ ৰেকৰ্ডিং লৈ সুৰ্দীঘ দিন ধৰি মোক বাবুজানে ব্লেকমেইলিং কৰি যৌন শোষণ চলাই আহিছে ৷ এতিয়া মোক চৰকাৰী আৰু অএনজিচিৰ বিষয়াক যোগান ধৰিবলৈ ছোৱালী বিছাৰিছে৷ মোকো বিষয়াৰ লগত নৈশ যাপনৰ হেঁচা দিছে ৷ মহিলা গৰাকীয়ে তেওঁৰ লগতে তেওঁৰ একমাত্ৰ সন্তানক ৰফিকুলে বৈধ,অবৈধ দুটা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়া বুলিও আদালতত অভিযোগ দিয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in