শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ

শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া ডঃ এছ লক্ষ্মণে ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া সকলৰ লগত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আধাৰ সেৱা, আজি অনুষ্ঠিত হোৱা সোনোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন আৰু অগন্তুক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। লগতে উপায়ুক্তগৰাকীয়ে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন শাখা পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকলৰ লগত চিনাকি হয় আৰু শাখা সমুহৰ কামকাজ সম্পৰ্কে কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে।

চিকিৎসা বিজ্ঞানৰ স্নাতক ডঃ সুব্ৰমণি আয়াৰ লক্ষ্মণে ইয়াৰ পূৰ্বে শদিয়াৰ মহকুমাধিপতি, তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত, গুৱাহাটী উন্নয়ন বিভাগৰ উপ সচিব, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব, হোজাইৰ উপায়ুক্ত আৰু শেহতীয়াকৈ কাছাৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিবাহ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in