নামতিত ‘কা’ বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ…

নামতিত ‘কা’ বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ…

ডিজিটেল সংবাদ, নামতিঃ সোমবাৰে আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামতি সমীপৰ মিছাজানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ('কা') বাতিলৰ দাবীত প্ৰথমখন প্রতিবাদী গাঁওসভা অনুষ্ঠিত কৰে ।

মিছাজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এইখন প্ৰতিবাদী গাঁওসভাত উপস্থিত থাকি শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই চৰকাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, "মন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা হৈছে অসমৰ এজন নোম টেঙৰ । তেওঁ চলাহী কথাৰে যিমানেই জাতীয় সংগঠন আৰু বৌদ্ধিক সমাজক ভেঙুচালি নকৰক কিয় জাতীয় আবেগক কেতিয়াও নষ্ট কৰিব নোৱাৰে । সেই ভেঙুচালিত জাতীয় আবেগ দপদপকৈ হে জ্বলি উঠিব" ।

ইফালে, উক্ত প্রতিবাদী গাঁওসভাখনত উপস্থিত থকা ৰাইজে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গান দিয়ে । প্রতিবাদকাৰী সকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী হিমন্তবিশ্ব শর্মা আৰু আমগুৰি বিধায়ক প্রদীপ হাজৰিকাক তীব্র ভাষাৰে সমলোচনা কৰাৰ লগতে অসম চৰকাৰ হায় হায়, বিজিপি চৰকাৰ হায় হায়, কা আমি নামানো, ধর্মৰ নামত ৰাজনীতি বন্ধ কৰক আদি শ্ল'গানেৰে অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলে ।

আনহাতে, শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্তই শ্বহীদ তৰ্পণ কৰা উক্ত প্রতিবাদী সভাখন বিভিন্ন প্রতিবাদী গীত মাতেৰে অনুষ্ঠিত হয় । সভাত উপস্থিত থাকি সমাজকর্মী গংগাৰাম কলিতা, শিক্ষাবিদ বদন দত্ত, জীৱন খনিকৰ, দিনাৰাম কলিতা, বাবুল আলীকে প্রমূখ্য কৰি ভালেকেইজন গণ্য মান্য ব্যক্তিয়ে উদাত্ত ভাষন আগবঢ়ায় । তেওঁলোকে অসমৰ জাতিৰ ভাষা,সংস্কৃতি শেষ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী আইন আৰু বি জে পি চৰকাৰে ষড়যন্ত্ৰমূলকভাবে অসমত জাপি দিয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in