নিৰ্মম! শিৱসাগৰত পাষাণ পুত্ৰই জ্বলাই দিলে মাতৃক

নিৰ্মম! শিৱসাগৰত পাষাণ পুত্ৰই জ্বলাই দিলে মাতৃক

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত পাষাণ পুত্ৰ মাতৃক জ্বলোৱাৰ দৰে নৃশংস কাণ্ডৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয় যোগদা হাজৰিকা নামৰ মহিলাগৰাকীৰ। অগ্নিদগ্ধ হোৱাৰ পাছত মহিলাগৰাকীক প্ৰথমে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসালয়লৈ গৈ থকা অৱস্থাতেই মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়।

সোমবাৰে পুৱতি নিশা পাষাণ পুত্ৰ ক্ষিৰোদ হাজৰিকাই মাতৃক জ্বলাই দিছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ক্ষীৰোদৰ ভগ্নী তময়া পাৰুল হাজৰিকাই ভাতৃৰ বিৰুদ্ধে মাতৃক জ্বলাই দিয়ে বুলি অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰে। অভিযোগ অনুসৰি ক্ষীৰোদ হাজৰিকাই দুগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত দ্বিতীয় গৰাকী পত্নীক বিবাহ কৰাইছিল। আৰু দ্বিতীয় গৰাকী পত্নীয়ে জন্ম দিছিল দুটি সন্তানক। স্থানীয় লোকৰ অভিযোগ মৰ্মে ক্ষিৰোদে প্ৰথমা পত্নীৰ লগত পুনৰ সংসাৰ আৰম্ভ কৰাৰ কথা ভাবিছিল যদিও দ্বিতীয় পত্নীগৰাকীৰ সন্তান দুটিৰ কাৰণে এই পৰিকল্পনা যে কেতিয়াও পূৰ নহ'ব সেই কথা ক্ষীৰোদে বুজি পাইছিল। যাৰ ফলশ্ৰুতিত নিতৌ সন্তান দুটিৰ ওপৰত পাষবিক অত্যাচাৰ চলাইছিল হৃদয়হীন পিতৃয়ে। প্ৰায়ে নিশা ঘৰৰ বাৰান্দাত শুবলৈ দিছিল সন্তান দুটিক। তদুপৰি জানিব পৰা মতে অনাথ আশ্ৰমলৈও থাকিবলগীয়া হৈছিল সন্তানদ্বয়।

উল্লেখ্য যে, দেওবাৰে ক্ষীৰোদে ম'বাইলত কাৰোবাৰ লগত কথা পাতি থকা সময়ত পঞ্চম শ্ৰেণীত পঢ়ি থকা সন্তানটি আৰু কাষৰে এটি শিশুৱে শুনা পাই ক্ষিৰোদৰ সেই পাশৱিক পৰিকল্পনা। নিশাই মাতৃ আৰু সন্তান দুটিক জ্বলাই দিব বুলি কাৰোবাক অৱগত কৰা কথাষাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা সন্তানটিয়ে শুনাৰ পাছত আইতাক অৰ্থাৎ যোগদা হাজৰিকাই জনাইছিল সমগ্ৰ ঘটনা। তাৰ পাছতেই নিশা প্ৰায় ২ মান বজাত অগ্নিদগ্ধ হয় যোগদা হাজৰিকা। বৰ্তমান ক্ষীৰোদ হাজৰিকাৰ লগতে প্ৰথমা পত্নীও জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in