স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া

স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, শিৱসাগাৰঃ উচ্চস্বৰৰ গান। সেই গানৰ তালে তালে নৰ্তকীৰ উদ্দাম নৃত্য। তাৰ মাজতে ৰাজপথত স্বল্পবসনা যুৱতীক চুম্বন কেবাগৰাকী পুৰুষৰ।

কোনো মেলাত নহয়, বিশ্বকৰ্মা পূজাৰ পিছত মূৰ্তি বিসৰ্জন দিবলৈ যোৱাৰ পথত দেখা গৈছে এই দৃশ্য। উত্তৰ ভাৰতত নহয়, অসমৰ শিৱসাগৰত মঙলবাৰে সন্ধিয়াৰ ভাগত এনে ঘটনা সংঘটিত হোৱাত চহৰখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পূজা সমিতিৰ কেবাগৰাকী বিষয়ববীয়াই স্বল্পবসনা নৰ্তকীক এনেকৈ মুকলিকৈ চুমা খোৱা কাৰ্যক একমুখে গৰিহণা দিছে শিৱসাগৰবাসীয়ে। কি কাৰণত বিশ্বকৰ্মা পূজাৰ দৰে এক আধ্যাত্মিক অনুষ্ঠানক মেলালৈ পৰ্যবসিত কৰি বিহাৰৰ পৰা নৰ্তকী আনিবলগীয়া হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভিন্নজনে।

কেৱল চুম্বনেই নহয়, সুৰাৰ ৰাগীত মাতাল হৈ উত্তৰ ভাৰতৰ মেলাসমূহত দেখিব পোৱাৰ দৰেকৈ একাংশ লোকে নিজেও নৃত্যত মগন হৈ নৰ্তকীৰ ব্লাউজত টকা গুজি দিয়া দৃশ্যও মঙলবাৰে সূলভ হৈ পৰে শিৱসাগৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in