শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত ‘আই-হেল্প’ পদক্ষেপ সম্পৰ্কীয় অভিবিন্যাস সভা

শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত ‘আই-হেল্প’ পদক্ষেপ সম্পৰ্কীয় অভিবিন্যাস সভা

ডিজিটেল সংবাদ, শিৱসাগৰঃ ভোটৰ বৰ্ধিত হাৰে এখন শক্তিশালী গণতন্ত্ৰৰ সবল ভেটি গঢ়াত সহায়ক হয়। এই ক্ষেত্ৰত সাধাৰণ সেৱা কেন্দ্ৰ সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে"- আজি উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আই-হেল্প (i-help) পদক্ষেপ সম্পৰ্কীয় অভিবিন্যাস সভাত অধ্যক্ষতা কৰি এই মন্তব্য আগবঢ়ায় শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া ডাঃ এছ লক্ষ্মণে।

উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ৮৪ টা সাধাৰণ সেৱা কেন্দ্ৰৰ লগত জড়িত গাঁও পৰ্য্যায়ৰ উদ্যমী সকলক বুথ পৰ্য্যায়ৰ বিষয়া সকলৰ সহযোগিতাত তৃণমূল পৰ্য্যায়ত ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সভাত উপস্থিত গাঁও পৰ্য্যায়ৰ উদ্যমী সকলক i-helpৰ অন্তৰ্গত উপলব্ধ বিভিন্ন সেৱাসমূৰ অধিকতম সুফল ভোটাৰ ৰাইজক প্ৰদান কৰাৰ হকে কাম কৰি যাবলৈ উদগনি যোগায়।

উল্লেখযোগ্য যে, নিৰ্বাচন প্ৰক্ৰিয়াত অনা ডিজিটেল পৰিৱৰ্তনসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ অৰ্থে গ্ৰহণ কৰা এক পদক্ষেপ হৈছে i-help। নিৰ্বাচন বিভাগ আৰু সাধাৰণ সেৱা কেন্দ্ৰ (Common Service Centre) ৰ যুটীয়া সহযোগত i-help পদক্ষেপ মুকলি কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে সাধাৰণ সেৱা কেন্দ্ৰই ডিজিটেল নির্বাচনী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব। ইয়াৰ বাবে কেইটামান এপছ থাকিব। এই ছফ্টৱেৰসমুহ হ'ল- C-vigil app, PwD app, voter helpline number, www.nsvp.in ইত্যাদি।

এই ছফ্টৱেৰসমূহৰ সহায়ত ভোটাৰসকলে ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ উপৰি বিশেষভাৱে সক্ষম লোকসকলে ভোট দিবলৈ যোৱাৰ বাবে প্ৰয়োজনীয় সুবিধাৰ বিষয়ে জনাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় অভিযোগো দাখিল কৰিব পাৰিব।

দিব্যাঙ্গসকলক ভোট দিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে একোগৰাকী স্থানীয় সৰবৰহী দিব্যাঙ্গ ব্যক্তিক "দিব্যাঙ্গ সাৰথি" ৰূপে নিয়োগ কৰা হ'ব । ইয়াৰোপৰি, নাগৰিকে ১৯৫০ নম্বৰ হেল্পলাইন ব্যৱহাৰ কৰি বিভিন্ন তথ্য জানিব পাৰিব। সভাত ভালেসংখ্যক গাঁও পৰ্য্যায়ৰ উদ্যমী সকলৰ উপৰিও নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in