শেহতীয়া খবৰ
গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...  •  নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ  •  বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই...

হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত ৰাস মহোৎসৱত ৭গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন…

48

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হাফলুটিং শাখা সাহিত্য সভাই হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ ৬৫ সংখ্যক ৰাস মহোৎসৱ’ত বিগত বছৰৰ দৰে এই বছৰো অঞ্চলটোৰ জনজীৱনৰ লগত জড়িত সাতগৰাকী ব্যক্তিক সম্বৰ্ধনা জনায়।

বৰনাঘৰৰ মূলমঞ্চত অনুষ্ঠিত অনুষ্ঠানত হাফলুটিং বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল,ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া সকল আৰু হাফলুটিং শাখা সাহিত্য সভাৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

শাখাৰ সভাপতি ভুবন দত্ত দেৱৰ আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰশান্ত কুমাৰ নাথে। বয়োজেষ্ঠ ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়। হাফলুটিং বৰনামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও বয়োজেষ্ঠ সকলক একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি