শিৱসাগৰত ৱেব মিডিয়া আৰু ফেচবুক লাইভৰ নামত সন্ত্ৰাস, ভুৱা সাংবাদিকসহ ৪জনক গ্ৰেপ্তাৰ

শিৱসাগৰত ৱেব মিডিয়া আৰু ফেচবুক লাইভৰ নামত সন্ত্ৰাস, ভুৱা সাংবাদিকসহ ৪জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰি সাংবাদিক হোৱাৰ চেষ্টাৰে এচাম লোকে চলাইছে সন্ত্ৰাস। তেনে এক ঘটনা সংঘটিত হ'ল শিৱসাগৰত। সাংবাদিকতাৰ সকলো সীমা অতিক্ৰম কৰি ভাবুকি দি এজন ভুৱা সাংবাদিকে ৩ যুৱকক লগত লৈ এহাল যুৱক-যুৱতীক হাৰাশাস্তি কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই ঘটনাৰে জড়িত আৰু যুৱক-যুৱতীক পাশবিক অত্যাচাৰ চলাই ধনদাবী কৰা  আৰু ৱেবমিডিয়াৰ লগত জড়িত বুলি দপদপাই ফুৰা শিৱসাগৰৰ গিয়াচউদ্দিন আহমেদ ওৰফে চাহিল আহমেদৰ লগতে আন তিনিজন উদণ্ড যুৱকক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বাকী যুৱক তিনিজন ক্ৰমে শিৱসাগৰ চহৰৰ সমীপৰ বিক্ৰমপুৰ চাৰিআলিৰ দেৱজিৎ গগৈ, ভটীয়াপাৰাৰ পিতুৰাজ গগৈ আৰু মঠাদাঙৰ মৃদুপবন বৰুৱা।

এই চাৰিটা ব্লেকমেইলাৰক মাৰাথন জেৰা চলোৱাৰ পাছত আৰক্ষীয়ে  আদালতত হাজিৰ কৰে। আদালতে চাৰিটা আচামীৰ জামিন আবেদন নাকচ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। উত্থাপিত অভিযোগ অনুসৰি শনিবাৰে দুপৰীয়া ভজোৰ পৰা এজন যুৱক আৰু এগৰাকী যুৱতীয়ে এ এছ ০১ বি এফ ১৫৬৯ নম্বৰৰ ইণ্ডিকা গাড়ীৰে ভটীয়াপাৰা অঞ্চলৰ এখন হোটেললৈ দুপৰীয়াৰ আহাৰ খোৱাৰ বাবে গৈ থকা সময়তে দেৱজিৎ গগৈ, পিতুৰাজ গগৈ আৰু  মৃদুপবন বৰুৱাই দুখনকৈ মটৰ চাইকেলত গৈ ইণ্ডিকাখন আগুচি ধৰি যুৱক-যুৱতীহালক অত্যাচাৰ চলায়।

গাড়ীৰ পৰা বাহিৰলৈ উলিয়াই আনি এই তিনিজন যুৱকে গাড়ীখনত অহা যুৱক-যুৱতীহালক নিৰ্মমভাৱে প্ৰহাৰ কৰে। তেনে সময়তে ৱেব চেনেলৰ সাংবাদিক বুলি পৰিচয় দিয়া চাহিল আহমেদ সংশ্লিষ্ট স্থানত উপস্থিত হৈ যুৱক-যুৱতীহালক আঁঠুকঢ়াই কাণত ধৰোৱাৰ লগতে মাৰপিটৰ ঘটনাটো লিপ্ত হয়। তাৰোপৰি তেওঁলোকৰ পৰা বৃহৎ অংকৰ ধন দাবী কৰে। যুৱক-যুৱতীহালে ধন আদায় নিদিয়াৰ বাবেই তেওঁলোকৰ আপত্তিজনক মুহূৰ্তৰ ফটো ৱেব চেনেলত সম্প্ৰচাৰ কৰে।

ইয়াৰ লগতে আপত্তিজনক মুহূৰ্তৰ ভিডিঅ'সমূহ চাহিল আহমেদে হোৱাটছএপযোগে আন ব্যক্তিলৈ প্ৰেৰণ কৰি ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে আৰক্ষীয়ে শনিবাৰে সন্ধিয়া উক্ত চাৰিওজন অভিযুক্ত  দেৱজিৎ গগৈ, পিতুৰাজ গগৈ, চাহিল আহমেদ আৰু  মৃদুপবন বৰুৱাক গ্ৰেপ্তাৰ কৰে। ৰাজ্যত ৱেব মিডিয়াৰ নাম লৈ এনেদৰে অসৎ কাৰ্য সংঘটিত কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে।

শিৱসাগৰৰ দুগৰাকী যুৱকে ফেচবুক লাইভ আৰু ৱেব মিডিয়াৰ নাম লৈ হানীট্ৰেপিং চক্ৰক সাৰথী কৰি ধন ঘটাৰ অভিযানত জপিয়াই পৰিছে। শিৱসাগৰ সদৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াৰ নাম লৈও ধন সংগ্ৰহত নামিছে একাংশ অসাধু লোক।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হোৱা চাহিল আহমেদক ২০১৭ৰ ৭ আগষ্টৰ দিনা শিৱসাগৰ চহৰৰ মু্ক্তিনাথ চাৰিআলিত এগৰাকী মহিলাক ভাৰাঘৰত বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিল। কেইবামাহো কাৰাগাৰত কটাই জামিনত মুক্তি লাভ কৰাৰ পাছতেই নিশাটোৰ ভিতৰতে পুনৰ এইগৰাকী যুৱক হৈ পৰিল ৱেব চেনেলৰ সাংবাদিক। এই ঘটনাৰ পাছতেই সমগ্ৰ শিৱসাগৰ জিলাতেই আটাইকেইজন অভিযুক্তকে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে একাংশ লোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in