শিৱসাগৰ নামতি চাৰিআলিৰ সুচিকিৎসক নিজামুল হুছেইনৰ দুৰ্ঘটনাত কৰুণ মৃত্যু…

শিৱসাগৰ নামতি চাৰিআলিৰ সুচিকিৎসক নিজামুল হুছেইনৰ দুৰ্ঘটনাত কৰুণ মৃত্যু…

ডিজিটেল ডেস্ক, মায়ংঃ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ সুসন্তান ডাক্তৰ নিজামুল হুছেইন। জিলাখনৰ প্ৰায় সকলো মানুহৰে এটা চিনাকি নাম চিকিৎসক নিজামুল হুছেইন আৰু নাই। ৫০ বছৰ বয়সত সকলোকে কন্দুৱাই থৈ চিৰ দিনৰ বাবে গুচি গ'ল ইহঃসংসাৰৰ পৰা চিকিৎসক নিজামুল। বুধবাৰে গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে নিজৰ চাৰিচকীয়া বাহন খনেৰে পৰিয়ালৰ সৈতে গৈ থাকোতে বিয়লি ৪ মান বজাত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লব লগা হয় চিকিৎসক গৰাকীয়ে।

জাগীৰোডৰ পৰা নাতিদূৰৈত দেওশাল শিৱ মন্দিৰৰ নিচেই ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আকস্মিক ভাবে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ চাৰি চকীয়া বাহন খনে পথৰ বাওঁফালে থকা ৰেলিঙত খুন্দা মাৰে।লগে লগে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে তিনি লুটি খাই পথটোৰ সম মাজত বেঁকা কৈ পৰি ৰয়।দুৰ্ঘটনা টো সংঘটিত হোৱা মাত্ৰকেই প্রত্যক্ষ দৰ্শী স্থানীয় কিছু লোকে দুৰ্ঘটনা ত পতিত বাহন খনৰ ওচৰলৈ দৌৰা দৌৰি কৈ গৈ পৰিয়ালটোক বচাবলৈ চেষ্টা কৰে। অৱশ্যে এ এছ ০৩ টি ৩৭৯৬ নম্বৰৰ ছিলভাৰ কালাৰৰ হোণ্ডা বি আৰ ভি বাহন খনত থকা চিকিৎসক নিজামুল হুছেইন গুৰুতৰ ভাবে জখম হয় আৰু সংকট জনক অৱস্থাত ততাতৈয়াকৈ জাগীৰোড ন খোলা চিকিৎসালয়লৈ এখন অটোত উঠাই লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ সময়তেই শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা যায়।

বাহন খনৰ পিছৰ ছীটত বহি থকা পত্নী কন্যা আৰু চালকৰ আসনত থকা আজিজুৰ ৰহমানৰ উক্ত দুৰ্ঘটনাটোত কথামপি প্ৰাণ ৰক্ষা পৰে।ঘটনাৰ খবৰ পোৱাৰ কিছু সময় পিছতেই জাগীৰোড থানাৰ যান বাহন শাখাৰ আৰক্ষী গৈ দুৰ্ঘটনাত পতিত বাহন খন আৰু সামান্য আঘাতপ্ৰাপ্ত পৰিয়ালৰ বাকী সদস্য কেইজনক চিকিৎসা লয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰা হয়।তাৰ পিছতেই কৰুণ মৃত্যুক আঁকোৱালি লোৱা চিকিৎসক নিজামুল হুছেইনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসা লয়লৈ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে নিজামুল হুছেইনৰ মৃতদেহ শিৱসাগৰ নামতিলৈ লৈ যোৱা হয়।

ইফালে, জনপ্ৰিয় চিকিৎসক গৰাকীৰ মৃত্যুৰ খৱৰ দুৰ্ঘটনাৰ কেইটামান মুহুৰ্তৰ ভিতৰতে শিৱসাগৰ নামতি অঞ্চলত বিয়পি পৰাৰ লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। দুখীয়াৰ বন্ধু হিচাপে জনাজাত মানৱ দৰদী চিকিৎসক নিজামুল হুছেইনৰ মৃত্যুৰ বাতৰিয়ে কেৱল নামতি বাসীকে নহয়, শিৱসাগৰ জিলাৰ বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে।কাৰণ অতি অমায়িক,ভদ্ৰ,হাঁহিমুখীয়া আৰু আৰ্টজনক সহায় কৰি ভালপোৱা চিকিৎসক নিজামুল হুছেইনৰ মৃত্যু নামতি অঞ্চলৰ বাবে এক অপুৰণীয় ক্ষতি বুলি জানিবলৈ দিয়ে নামতি অঞ্চলৰ কেইবাজনো লোকে।নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দত্ত ই জানিবলৈ দিয়া মতে ডাক্তৰ নিজামুল হুছেইন প্ৰকৃততে এজন ভাল চিকিৎসক আছিল। ধনী দুখীয়া বুলি কোনো কথা নাই।সকলোকে সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্তব্য পালন কৰি আহিছিল। সচেতন যুৱ ব্যৱসায়ী ৱাচিম আলি আক্ৰামৰ মতে নিজাম ছাৰৰ মৃত্যুক নামতি বাসীয়ে সহজ ভাবে মানি ল'ব পৰা নাই। ছাৰৰ মৃত্যু আমাৰ নামতি অঞ্চলৰ বাবে এক অপুৰণীয় ক্ষতি বুলি। এইদৰে প্ৰতি জনৰ চকুত এতিয়া চকু পানী।

শোকৰ বন্যা বৈছে সমগ্ৰ অঞ্চলটোত। অজস্ৰ লোক গৈ উপস্থিত হৈছে নামতিৰ সেই ঘৰ খনত। তাৰে ব্যৱসায়ী সকলে নিজামুল হুছেইন ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি পুৱাৰ পৰাই দোকান পোহাৰ বন্ধ ৰাখিছে।মৃতদেহ গৈ পোৱাৰ পিছত যথেষ্ট ভিৰ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ ঘৰ খনত।পুত্ৰ কন্যা আৰু পত্নীৰ লগতে ভাই ককাই সকলো কান্দোনত ভাগি পৰিছে।এক বুজাব নোৱাৰা পৰিবেশ বিৰাজ কৰিছে ঘৰ খনত।কোনেও হয়তো ভবা নাছিল,ডাক্তৰ নিজামুল হুছেইন চিৰ দিনৰ বাবে ইমান কম সময়ৰ ভিতৰতে গুচি যাব বুলি।নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে বহুতৰ বাবে ভগৱান স্বৰূপ হৈ পৰা সেই মানৱীদৰদী চিকিৎসক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in