মূৰে-কপালে হাত দিছে শিৱসাগৰৰ কৃষক-পশুপালকে! লাম্পি স্ক্ৰীণ ডিজিছত আক্ৰান্ত পোহনীয়া গৰু, নাই ভেকচিন…

মূৰে-কপালে হাত দিছে শিৱসাগৰৰ কৃষক-পশুপালকে! লাম্পি স্ক্ৰীণ ডিজিছত আক্ৰান্ত পোহনীয়া গৰু, নাই ভেকচিন…

ডিজিটেল সংবাদ, আমগুৰিঃ কোৰোনা আতংক আৰু বানপানীৰ তাণ্ডৱৰ পাছত এতিয়া আন এক সমস্যাৰ সম্মুখীন হৈছে ৰাজ্যৰ কৃষক তথা পশু পালক সকল। লাম্পি স্ক্ৰীণ ডিজিছ নামৰ এক ৰোগত আক্ৰমণ হৈছে পোহনীয়া গৰু। শিৱসাগৰ নামতিৰ প্ৰতিখন গাঁৱত বহু গৰু এই ৰোগত আক্ৰান্ত হৈ পৰিছে।

প্ৰথমতে গৰুৰ গোটেই গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘা লাগি যায়। যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে গৰুবোৰ। অৱশেষত বহু কেইটা গৰুৰ মৃত্যু পৰ্যন্ত হোৱা দেখা গৈছে।

এতিয়া লৈ এই বেমাৰৰ কোনো নিৰ্দিষ্ট ভেকচিন ওলোৱা নাই যদিও ডাক্তৰৰ পৰামৰ্শ আৰু ভেটিনেৰি বিভাগৰ তৎপৰতাত দুই এটা গৰু ভাল হৈছে। তথাপিও তাৰ সংখ্যা নগণ্য। । যাৰ বাবে কৃষক তথা পশুপালক সকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in