শিৱসাগৰত কম্পাৰ্টমেন্টেল পৰীক্ষাৰ পৰা বঞ্চিত ৪০ ৰো অধিক পৰীক্ষাৰ্থী

শিৱসাগৰত কম্পাৰ্টমেন্টেল পৰীক্ষাৰ পৰা বঞ্চিত ৪০ ৰো অধিক পৰীক্ষাৰ্থী

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত ৪০ গৰাকীতকৈ অধিক পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেন্টেলৰ পৰীক্ষাৰ পৰা বঞ্চিত হোৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছেবাই প্ৰদান কৰা পৰীক্ষাসূচী অনুসৰি নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষা সূচীৰ বিপৰীতে একাংশ বিদ্যালয়ে ভুলকৈ ছাত্ৰ ছাত্ৰীক পৰীক্ষা সূচী প্ৰদান কৰি এটা বছৰ ক্ষতি কৰিল এই সকল শিক্ষাৰ্থীৰ৷

বিদ্যালয়ৰ ভুলৰ বাবেই শিৱসাগৰত ৪০ গৰাকীতকৈ অধিক পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেন্টেলৰ পৰীক্ষাৰ পৰা বঞ্চিত হোৱাত অভিভাৱকসকল ক্ষুন্ন হৈ পৰিছে। ছেবাই প্ৰদান কৰা পৰীক্ষাসূচী অনুসৰি নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষা সূচীৰ বিপৰীতে একাংশ বিদ্যালয়ে ভুলকৈ ছাত্ৰ ছাত্ৰীক পৰীক্ষা সূচী প্ৰদান কৰাৰ ফলতে এনেদৰে এটা বছৰ হেৰুৱাৰ উপক্ৰম হ'ল এইসকল শিক্ষাৰ্থী।

জিলাখনৰ প্ৰায় ১৬ খন বিদ্যালয়ৰ ৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ পৰা পোৱা সূচী অনুসৰি শনিবাৰে হিন্দী, অসমীয়া আৰু কম্পিউটাৰ বিষয়ৰ পৰীক্ষা দিবৰ বাবে পৰীক্ষা কেন্দ্ৰত নিৰ্দিষ্ট সময়ত উপস্থিত হয়। পৰীক্ষা কেন্দ্ৰলৈ আহি ছাত্ৰ ছাত্ৰী সকলে জানিব পাৰে যে প্ৰকৃততে শনিবাৰে ভূগোল আৰু বুৰঞ্জীৰহে পৰীক্ষা আছে। তেওঁলোকে বিদ্যালয়ৰ পৰা লাভ কৰা সূচী মতে উক্ত পৰীক্ষা সমূহ নাই।
লগে লগে সংশ্লিষ্ট শিক্ষাৰ্থী সকল উদ্বিগ্ন হৈ পৰে অনাগত ভৱিষ্যতক লৈ৷ জানিব পৰা মতে শিক্ষাৰ্থী সকলে শনিবাৰে পৰীক্ষাত অৱতীৰ্ণ হবলৈ অহা নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষা পূৰ্বতেই সম্পন্ন হৈ গৈছে। যোৱা ২ জুলাইতেই হিন্দী বিষয়ৰ পৰীক্ষা হৈ যায়৷

এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে প্ৰকৃততে কি কাৰণত এনে ভয়ংকৰ ঘটনা সংঘটিত তাৰ এক তদন্ত ঘোষণা কৰিছে। আনহাতে অভিভাৱক সকলেও জিলা উপায়ুক্তৰ যোগেদি ছেবা কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে। ইফালে বিদ্যালয় সমূহৰ সংমণ্ডলৰ পৰিদৰ্শক আব্দুল জেলিলে এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ কথা ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in