শিৱসাগৰত স্বামীয়ে জ্বলালে পত্নীক, মৃত্যুৰ পূৰ্বে ৭ মহীয়া সন্তানক গতালে মাতৃক VIDEO…

শিৱসাগৰত স্বামীয়ে জ্বলালে পত্নীক, মৃত্যুৰ পূৰ্বে ৭ মহীয়া সন্তানক গতালে মাতৃক VIDEO…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীৰ ডিব্ৰুৱাল বচাশয়েক গাঁৱৰ এগৰাকী বোৱাৰী কালি চিকিৎসাধিন অৱস্থাত মৃত্যু হয়৷ মৃত মহিলা হল শৰ্মিষ্ঠা চেতিয়া৷ মহিলা গৰাকীক কেৰাচিন তেল ধালি জ্বলোৱাৰ অভিযোগত ইতিমধ্যে তেওঁৰ স্বামীক জেললৈ প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত খবৰ মতে উক্ত গাওঁ খনৰ ৰিপন গগৈয়ে যোৱা ২৩ এপ্ৰিল'ৰ বিয়লি ৪:০০ মান বজাত পত্নী শৰ্মিষ্ঠা চেতিয়া( ২৩) ক কেৰাচিনতেল ঢালি জ্বলাই দিয়ে।

শৰীৰৰ অধিক অংশ অগ্নিদগ্ধ হোৱা অৱস্থাত শৰ্মিষ্ঠাক স্বামী ৰিপনে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকৰ পৰামৰ্শ মতে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে ৷ ইফালে শৰ্মিষ্ঠাৰ পিতৃ ধৰ্মেন্দ্ৰ চেতিয়াই যোৱা ২৪ এপ্ৰিলত কন্যা শৰ্মিষ্ঠাক জোঁৱায়েক ৰিপন গগৈয়ে হত্যাৰ চেষ্টাৰে জ্বলাই দিয়াৰ অভিযোগ তুলি আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৫৪/৩০৭ ধাৰাৰ অধীনত ৫৬/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰে। অৱশ্যে যোৱা ১২ মে'ৰ বিয়লি অভিযুক্ত ৰিপনে আমগুৰি থানাত আত্মসমৰ্পণ কৰে আৰু আৰক্ষীয়ে ১৩ মে'ত ৰিপনক জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে শৰ্মিষ্ঠাই খৰিৰ জুইত ভাত ৰান্ধি থাকোতে পৰিধান কৰা কাপোৰত জুই লাগি অগ্নিদগ্ধ হয় আৰু জুই নুমুৱাবলৈ যাওঁতে ৰিপনো সামান্য ভাবে অগ্নিদগ্ধ হয়।

আনহাতে শৰ্মিষ্ঠাৰ পিতৃৰ পৰিয়ালে প্ৰকাশ কৰামতে স্বামী ৰিপনে কোঠাৰ ভিতৰত অন্যান্য কাপোৰৰ লগতে শৰ্মিষ্ঠাৰ গাতো কেৰাচিনতেল ঢালি জ্বলাই দিছিল। সাতমহীয়া পুত্ৰ সন্তানটিৰ শুদ্ধি সবাহ পতাক লৈ দুয়োৰে মাজত প্ৰথমে তৰ্ক লাগে । ইয়াৰ পিছতে ৰিপনে খঙত একো নাই হৈ এখন দাৰে ভিতৰৰ বয়বস্তু ঘপিয়াবলৈ ধৰে আৰু আলমাৰীৰ পৰা কাপোৰ কানি উলিয়াই তেল ঢালি জ্বলাই দিয়াৰ লগতে শৰ্মিষ্ঠাৰ গাতো তেল ঢালি জ্বলাই দিয়ে বুলি অভিযোগ কৰিছে শৰ্মিষ্ঠাৰ পৰিয়ালে।জানিব পৰামতে ধৰ্মেন্দ্ৰ চেতিয়াৰ কন্যা শৰ্মিষ্ঠাই চাৰিবছৰৰ পূৰ্বে বিয়া হৈছিল ৰিপনৰ লগত।

আনহাতে বিয়াৰ পিছৰ পৰাই ৰিপনে শৰ্মিষ্ঠাক পিতৃগৃহৰ পৰা টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰি অত্যাচাৰ কৰা বুলি শৰ্মিষ্ঠাৰ পিতৃগৃহই অভিযোগ কৰিছে। ইফালে ৰিপনৰ পিতৃও সম্প্ৰতি এটা অপৰাধত যোৰহাট জিলা কাৰাগাৰত কাৰাবাস খাটি আছে বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে পত্নীৰ পৰিয়ালে মৃতদেহ স্বামী গৃহৰ চোতালত সৎকাৰৰ ব্যৱস্থা কৰে।ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in