ৰংঘৰৰ বাকৰিত বলিউদৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা তন্না, কিয়? চাওঁক VIDEO…

ৰংঘৰৰ বাকৰিত বলিউদৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা তন্না, কিয়? চাওঁক VIDEO…
  • ৰংঘৰৰ বাকৰিত বলিউদৰ মহোময়ী অভিনেত্ৰী কৰিশ্মা তন্না।
  • অসম পৰ্যটনৰ বাবে নিৰ্মাণ কৰা এখন বিশেষ তথ্য চিত্ৰৰ বাবে এটা বিশাল ইউনিটৰ সৈতে আহি ৰংঘৰ বাকৰিত উপস্থিত হৈছে কৰিশ্মা তন্না।
  • অসমত অনুষ্ঠিত হব লগা ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰদৰ্শন কৰা হব এই বিশেষ তথ্য চিত্ৰ। তথ্য চিত্ৰৰ সময় ১ মিনিট।
  • সঞ্জু, গ্ৰেণ্ড মষ্টি, নাগিন আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে বিগত দুটা দিনত শিৱসাগৰ জিলাৰ বিভিন্ন মনোৰম লোকেচনত এই তথ্য চিত্ৰ খনৰ শ্বুটিঙ কৰিছে।
  • পবিতৰা, মানাহ আদিৰ উপৰি ঘাইকৈ আহোমৰ কীৰ্তিচিহ্নক লৈ তথ্য চিত্ৰখন নিৰ্মিত হ'ব। তথ্য চিত্ৰত ৰংঘৰ, কাৰেংঘৰ, শিৱসাগৰৰ বিভিন্ন দৌল-পুখুৰীয়ে স্থান পাব।
  • অভিনেত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত মনোভাৱ ব্যক্ত কৰি কয় – ইয়াৰ মানুহ বৰ মৰমীয়াল আৰু সহায়কাৰী ৷
  • এই তথ্য চিত্ৰ বিদেশী পৰ্যটকৰ আকৰ্ষণৰ বাবে নিৰ্মাণ কৰা হৈছে। শিৱসাগৰ জিলা প্ৰশাসনে
  • বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। উপায়ুক্ত এম এছ লক্ষীপ্ৰিয়াই বিশেষ সহযোগ কৰিছে।
  • টুৰিষ্ট গাইড মানস কলিতাই বিভিন্ন ল'কেশ্যন আৰু কীৰ্তিচিহ্নৰ বুৰঞ্জীৰ বিষয়ে কৈছে। তথ্য আৰু জনসংযোগ বিভাগ, অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়, পৰ্যটন বিভাগেও সহযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in