ঐতিহাসিক জয়সাগৰ পুখুৰীত কিয় উপঙিছে জাকে জাকে চৰাই?

ঐতিহাসিক জয়সাগৰ পুখুৰীত কিয় উপঙিছে জাকে জাকে চৰাই?

ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহাসিক জয়সাগৰ পুখুৰীত জাকে জাকে মৰিছে পৰিভ্ৰমী পক্ষী৷ ধৃতৰাজকে ধৰি নিৰীহ বন হংস জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা একাংশ অমানুহৰ জীঘাংসাৰ বলি হৈ মৃত্যু হৈছে৷ শিৱসাগৰ জিলা প্ৰশাসনক সাংবাদিকে তিনি ঘন্টাৰ পূৰ্বেই সমগ্ৰ ঘটনা অৱগত কৰাৰ পাছতো জয়সাগৰ পুখুৰীত উপস্থিত হবলৈ সময় নোলাল জিলা প্ৰশাসনৰ এজনো বিষয়াৰ৷

ফলত একাংশ সাংবাদিকে নৌকাৰে অৰ্ধ শতাধিক মৃত হাঁহ উদ্ধাৰ কৰাৰ লগতে কুৰিৰো অধিক জীবিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও গৰিষ্ঠ সংখ্যক হাঁহৰে অৱস্থা সংকটজনক৷

অৱশ্যে চিকিৎসক আৰু বন বিভাগৰ দুগৰাকীমান কৰ্মচাৰীৰ প্ৰচেষ্টাত বহু কেইটা ধৃতৰাজ পক্ষীৰ প্ৰাণ ৰক্ষা পৰিব বুলি আশা কৰা হৈছে। দুখৰ কথা যে শিৱসাগৰ জিলা প্ৰশাসনে যদিহে সাংবাদিকে খবৰ দিয়াৰ লগে লগে তৎপৰতা প্ৰদৰ্শন কৰিলেহেতেন, হয়তু কেইবাটাও পক্ষীৰ প্ৰাণ ৰক্ষা পৰিলেহেতেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in