মহিলাক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতা বাবুজানক গ্ৰেপ্তাৰ

মহিলাক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতা বাবুজানক গ্ৰেপ্তাৰ
  • শিৱসাগৰৰ ব্যৱসায়ী ও বিজেপি কৰ্মী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক গ্ৰেপ্তাৰ।
  • দেৰগাঁৱৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰফিকুল হাজৰিকাক।
  • এগৰাকী মহিলাই ব্লেকমেইলিঙেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপি কৰ্মীজনৰ বিৰুদ্ধে।
  • মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৩৯০/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 448/294(B) /506/ 323/376/384 ধাৰাত গোচৰ ৰুজু কৰিছিল।
  • ৩১ মাৰ্চৰ নিশা এজাহাৰ দাখিলৰ পাছতেই পলায়ন কৰিছিল ৰফিকুল হাজৰিকাই।
  • আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে দেৰগাঁৱৰ ৰাজু আলী নামৰ এজন ব্যক্তিৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰফিকুল হাজৰিকাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in