শিৱসাগৰত পুৱতি নিশা চোৰে লুটিলে এ টি এম…

শিৱসাগৰত পুৱতি নিশা চোৰে লুটিলে এ টি এম…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত সংঘটিত এ টি এমত চুৰিকাণ্ড৷ চহৰখনৰ মাজমজিয়াৰ বাবুপট্টিৰ ভাৰতীয় ষ্টেট বেংকৰ এ টি এমত চোৰে চলালে চাফায়৷ বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় চুৰি কাণ্ড৷ বেংক কৰ্তৃপক্ষই চুৰিৰ পিছতেই এটিএমত ওলোমালে তলা ৷

ইফালে, বগা ৰঙৰ এখন গাড়ীত অহা এটি ৪-৫ জনীয়া দলে এটিএমটোত লুটপাত চলোৱা বুলি জনালে প্ৰত্যক্ষ দৰ্শীয়ে ৷ গেছ কাটাৰ ব্যৱহাৰ কৰি লুটি নিলে এটিএমত থকা কেইবা লক্ষ ধন৷ ঘটনাস্থলীৰ সমীপত আৰক্ষীয়ে উদ্ধাৰ কৰিছে গেছৰ চিলিণ্ডাৰ আৰু কাটাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in