শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা, LIVE UPDATES

শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা, LIVE UPDATES

সন্ধিয়া ৫.২৭ বজাতঃ নিহতৰ পৰিয়ালৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ।

সন্ধিয়া ৫.২৫ বজাতঃ চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে বিজিত তামুলীয়ে।

সন্ধিয়া ৫.২৪ বজাতঃ ডিমৌৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি।

সন্ধিয়া ৫.১৯ বজাতঃ অকনি তামুলীৰ ডিমৌৰ পালেঙীৰ জীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহি জী, জোঁৱাই, নাতিসহ ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

সন্ধিয়া ৫.১৭ বজাতঃ নিহত প্ৰাঞ্জল দুৱৰী, সবনম দুৱৰীৰ ঘৰ ডিমৌৰ পালেঙীত। আনহাতে অকনি তামুলীৰ ঘৰ  টিয়কৰ চেলেংহাট হালোৱাপথাৰ গাঁৱত।

সন্ধিয়া ৫.১৬ বজাতঃ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ।

সন্ধিয়া ৫.১৫ বজাতঃ আহত বিজিত তামুলীক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

সন্ধিয়া ৫.১৪ বজাতঃ নিহত অকনি তামুলী প্ৰাঞ্জল দুৱৰীৰ শাহুৱেক।

সন্ধিয়া ৫.১৩ বজাতঃ নিহত মহিলাগৰাকীৰ নাম অকনি তামুলী।

সন্ধিয়া ৫.১২ বজাতঃ ভয়ংকৰ দুৰ্ঘটনাটোত নিহতৰ সংখ্যা বৃদ্ধি। নিহত এগৰাকী মহিলা।

সন্ধিয়া ৫.১১ বজাতঃ নিহতসকল হৈছে প্ৰাঞ্জল দুৱৰী, তেওঁৰ পত্নী সবনম দুৱৰী, কণমাণি পুত্ৰ বিস্তৱ দুৱৰী।

সন্ধিয়া ৫.১০ বজাতঃ ডিমৌৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত সকলক চিনাক্ত।

সন্ধিয়া ৫.০৮ বজাতঃ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজন।

সন্ধিয়া ৫.০৭ বজাতঃ ঘটনাস্থলীত উপস্থিত আৰক্ষী বাহিনী।

সন্ধিয়া ৫.০৬ বজাতঃ দুৰ্ঘটনাটোত এহাল দম্পত্তিসহ মৃত্যু ঘটিছে তেওঁলোকৰ কণমানি শিশুটিৰ।

সন্ধিয়া ৫.০৪ বজাতঃ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ ৩ সদস্য।

সন্ধিয়া ৫.০৫ বজাতঃ স্থানীয় ৰাইজে চলাইছে উদ্ধাৰ অভিযান।

সন্ধিয়া ৫.০৩ বজাতঃ ডিমৌৰ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখী এএছ ০১জে ৪১৮৮ নম্বৰৰ বাছ আৰু এএছ ০৩ ৯৬৩৩ নম্বৰৰ এখন অল্ট'ৰ মাজত মুখামুখী সংঘৰ্ষ।

সন্ধিয়া ৫.০২ বজাতঃ শিৱসাগৰ জিলাৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in