শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, তেজেৰে ৰাঙলী হ’ল ৰাজপথ, ট্ৰাক-মেজিকৰ সংঘৰ্ষত আহত ১২ জন

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, তেজেৰে ৰাঙলী হ’ল ৰাজপথ, ট্ৰাক-মেজিকৰ সংঘৰ্ষত আহত ১২ জন
  • শিৱসাগৰৰ চেৰেকাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • যাত্ৰীবাহী মেজিক আৰু অ'এনজিচিৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখী সংঘৰ্ষ।
  • চেৰেকাপাৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত এই ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাবে আহত চালকসহ মেজিকৰ ১২ জন যাত্ৰী৷
  • গুৰুতৰভাবে আহত মঙ্গল চন্দ্ৰ ব্ৰহ্ম (৫৬)ইয়াছমীন বেগম (১৯), শান্তনু হাতীমূৰীয়া (২৪),পাপু ভৰালী (৪০),টিংকু ডেকা (৪৫),পূৰবী গগৈ (১৯), হীৰা সাহা (৪০), নৱ হাজৰিকা (৪৪),ৰছিদা বেগম (৩০),উৰ্মিলা সাহা আৰু চুনু ৰাজ৷
  • স্থানীয় ৰাইজৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ আটাইকে৷
  • বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু ইষ্ট পইন্ট হস্পিতালত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত ১২ জন আহতকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷
  • ট্ৰাকখনৰ নম্বৰ এএছ-০৪-বিচি-২০৭০ আৰু মেজিকখনৰ নম্বৰ এএছ-০৪-এচি-৮৫৫৮।
  • শিমলুগুৰিৰ পৰা যাত্ৰী লৈ শিৱসাগৰলৈ আহিছিল মেজিকখন।
  • শিৱসাগৰৰ পৰা নাজিৰা অভিমুখী আছিল ট্ৰাকখন৷
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ট্ৰাকৰ চালক-হেণ্ডিমেনৰ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in