কৃষ্ণাইত মহা শিৱৰাত্ৰি পূজাৰ বিশাল আয়োজন

কৃষ্ণাইত মহা শিৱৰাত্ৰি পূজাৰ বিশাল আয়োজন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ আজি মহা শিৱৰাত্ৰি পূজা৷ সমগ্ৰ ৰাজ্যজুৰি হিন্দু শাক্ত আৰু শিৱ ধৰ্মাৱলম্বীলোক সকলে মহা ধুমধামেৰে পালন কৰিছে বাবা ভোলেনাথৰ এই পূজা অৰ্চনা। গোৱালপাৰা জিলাৰ কৃষ্ণাইতো শিৱৰাত্ৰি পূজা উপলক্ষ্যে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ।

কৃষ্ণাইৰ আশুডুবিস্থিত নৱনিৰ্মিত শিৱমন্দিৰত পুৱাৰে পৰা ভিৰ কৰিছে অগণন ভক্তই। স্থানীয় একাংশ ৰাইজৰ দান বৰঙণিৰে সম্পূৰ্ণ দুটা বছৰৰ অন্তত নিৰ্মাণ কৰি উলিওৱা শিৱ লিংগ আৰু ডম্বৰুৰ আৰ্হিৰ শিৱ মন্দিৰতো মহা ধুমধামেৰে আয়োজন কৰা হৈছে শিৱৰাত্ৰী পূজা।

মহিলাসকলে শিৱ লিংগত গাখীৰ, পানী ঢালি মনোবাঞ্চা পূৰণৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় আজিৰ দিনটোত। লগতে পূজা উপলক্ষ্য ভক্ত সকলৰ বাবে ভোগৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচলানা সমিতিয়ে। উল্লেখ্য যে, সমগ্ৰ অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে শিৱলিংগ আৰু আৰু ডম্বৰুৰ আৰ্হিত নিৰ্মাণ কৰা এইটোৱেই প্ৰথম শিৱ মন্দিৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in