শেহতীয়া খবৰ
পুনৰ ফাঁচী পিছুৱাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীৰ? পৱন গুপ্তাই দাখিল কৰিছে নতুন ক্ষমাৰ আবেদন...  •  বাংলাদেশৰ শতাব্দী সমাৰোহলৈ বিশেষ অতিথিৰূপে নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা

কাশ্মীৰতকৈও বেয়া পশ্চিম বংগৰ পৰিৱেশ! এন আৰ চি হ’বইঃ হুংকাৰ দিলীপ ঘোষৰ

402

ডিজিটেল ডেস্কঃ অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পিছত এইবাৰ পশ্চিম বংগত এন আৰ চি প্ৰস্তুতক লৈ সৃষ্টি হৈছে তীব্ৰ বাক-বিবাদৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এন আৰ চিৰ বিৰোধিতাৰে সৰৱ হৈ আছে। আনকি বৃহস্পতিবাৰে এন আৰ চিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি পশ্চিম বংগত কোনোপধ্যেই এন আৰ চি প্ৰস্তুত কৰিবলৈ দিয়া নহয় বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মমতা বেনাৰ্জীয়ে কয়, ‘বিজেপিয়ে কৈছে পশ্চিম বংগত এন আৰ চি প্ৰস্তুত কৰিলে ২ কোটি মানুহক বাদ দিয়া হ’ব। মই কও, যদি সাহস আছে এজন বঙালীৰ গাত হাত দি দেখাওক।’

ইফালে মমতাৰ এই হুংকাৰৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে বিজেপিও। বৃহস্পতিবাৰে মমতা বেনাৰ্জীৰ মন্তব্যৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয়, ‘পশ্চিম বংগত এন আৰ চি হ’বই। বংগত অনুপ্ৰৱেশকাৰীক বিজেপিয়ে থাকিবলৈ নিদিয়ে।’ নিৰ্বাচনত ভোটৰ ৰাজনীতি খেলিয়েই মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধিতা কৰি ৰাজপথত নমা বুলি মন্তব্য কৰে দিলীপ ঘোষে। এতিয়া পশ্চিমবংগৰ পৰিৱেশ কাশ্মীৰতকৈও বেয়া বুলি কয় দিলীপ ঘোষে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি