নিষ্কৰ্মা সাংসদ! চত্তীশগড়ত ১০ সাংসদৰ টিকট কাটিলে বিজেপিয়ে…

নিষ্কৰ্মা সাংসদ! চত্তীশগড়ত ১০ সাংসদৰ টিকট কাটিলে বিজেপিয়ে…

ডিজিটেল ডেস্কঃ চত্তীশগড়ৰ আগন্তুক ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বৰ্তমানৰ এজনো সাংসদে প্ৰতিদ্বন্দ্বিতা নকৰে। এই বিষয়ৰ সন্দৰ্ভত মঙলবাৰে চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে কয়- বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী বৈঠকত সৰ্বসন্মতি ক্ৰমে এই সিদ্ধান্ত লোৱা হৈছে যে বৰ্তমানৰ কোনো সাংসদে এইবাৰৰ লোকসভা নিৰ্বাচনত অৱৰ্তীণ নহয়।নতুন প্ৰজন্মক উৎসাহ দিবৰ বাবে এই সিদ্ধান্ত আমি আদৰণি জনাইছো।' বিজেপিৰ নেতৃত্বৰ এই সিদ্ধান্তৰ পাছতে সচেতন এক মহলে আলোচনা কৰিছে যে, ৰাজ্যখনত বৰ্তমানৰ ১০ জন বিজেপি সাংসদে বিগত কাৰ্যকালত সফল নোহোৱাৰ বাবেই আটাইকেইজন সাংসদকে টিকটৰ পৰা বঞ্চিত কৰা হৈছে। উল্লেখ্য যে, চত্তীশগড়ত মুঠ লোকসভা সমষ্টিৰ সংখ্যা হৈছে ১৪খন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in