ৰাজ্যত পুনৰ ডাইনী কাণ্ডঃ দুগৰাকী মহিলাসহ আহত চাৰি…

ৰাজ্যত পুনৰ ডাইনী কাণ্ডঃ দুগৰাকী মহিলাসহ আহত চাৰি…

ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী কাণ্ড। এইবাৰ ঘটনাৰ স্থান চিৰাং জিলাৰ ভুৰবস্তি গাওঁ। অঞ্চলটোৰ দুটাকৈ পৰিয়ালৰ দুগৰাকী মহিলা সহ চাৰি গৰাকী সদস্যক ডাইনীৰ সন্দেহত এজাক উন্মাদ লোকে শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আহত হোৱা লোক সকল হ'ল পৰমেশ্বৰ সুত্ৰধৰ, মঞ্জুলা সুত্ৰধৰ, লোগাই বসুমতাৰী আৰু গেন্দ্ৰী বসুমতাৰী৷ অৱশ্যে আৰক্ষীৰ ততপৰতাত কথমপি ৰক্ষা পৰে পৰিয়ালকেইটা। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক উদ্ধাৰ কৰি নিশাৰ ভিতৰতে চিকিৎসাৰ বাবে চিদলী সামুহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে ।

জানিব পৰা মতে গাওঁখনৰ চুবুৰীয়াৰ এগৰাকী লোক সঘনাই ৰোগত আক্ৰান্ত হোৱাৰ কোসন্দৰ্ভত ডাইনী তন্ত্ৰ মন্ত্ৰ কৰাৰ অভিযোগত শনিবাৰে ভূৰবস্তী গাঁৱত এখন বিচাৰ বহিছিল। তাৰে একাংশ লোকে পৰমেশ্বৰ সুত্ৰধৰ আৰু লোগাই বসমুতাৰীৰ পৰিয়ালৰ লোকে ডাইনী তন্ত্ৰ কৰা অভিযোগ তুলি লাঠিৰে শাৰীৰিক ভাৱে আক্ৰমণ কৰি দুজনক গুৰুতৰ ভাবে আহত কৰে।

সমগ্ৰ ঘটনাক পৰিয়ালৰ বাকি সদস্য সকলে বাধা প্ৰদান কৰাত তেওঁলোককো আক্ৰমণ কৰে দলটোৱে ।উল্লেখ্য যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত বিভিন্ন ভিতৰুৱা গাঁৱত ডাইনী সন্দেহত কেইবাজনো পুৰুষ মহিলাক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে , কিন্তু প্ৰতিবাৰেই আৰক্ষীয়ে প্ৰকৃত ঘটনা সমূহ গাপ দি বেলেগ ৰূপ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বুলি অঞ্চলটোৰ সচেতন লোকে অভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in