চিৰাঙৰ ডাংতল গাঁৱত অজগৰ সাপ উদ্ধাৰ…

চিৰাঙৰ ডাংতল গাঁৱত অজগৰ সাপ উদ্ধাৰ…

ডিজিটেল সংবাদ, চিৰাংঃ সোমবাৰে সন্ধিয়াৰ ভাগত চিৰাং জিলাৰ ডাংতল গাঁৱৰ ৰিজু বসুমাতাৰীৰ বাসগৃহত এডাল অজগৰ উদ্ধাৰ হোৱাৰ খবৰ বাসুগাঁও ফৰেষ্ট ৰেঞ্জ ডিপোৰ্ট কাৰ্য্যালয়ে লাভ কৰে । সেই মৰ্মে বনকৰ্মী শশাঙ্ক দত্তৰ সৈতে সাংবাদিক জয়ন্ত দেৱনাথ ডাংতল গাঁৱত উপস্থিত হৈ অজগৰ সাপডালক প্লাষ্টিকৰ ৰছিৰে ডিঙিত বান্ধি বস্তাত বন্দী কৰি ৰখা অবস্থাত প্ৰত্যক্ষ কৰে ।

পৰৱৰ্তী পৰ্যায়ত সাংবাদিক জয়ন্ত দেৱনাথে প্ৰায় চাৰি ফুট দৈৰ্ঘ্যৰ অজগৰ সাপডালক উদ্ধাৰ কৰি বনবিভাগৰ বাসুগাঁও কাৰ্য্যালয়ত জমা দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in