নিবনুৱা চিৰাজুলৰ একাউণ্টলৈ কেনেকৈ আহিছিল কোটি কোটি টকা !

নিবনুৱা চিৰাজুলৰ একাউণ্টলৈ কেনেকৈ আহিছিল কোটি কোটি টকা !

ডিজিটেল সংবাদ নগাঁও: নিবনুৱা যুবক চিৰাজুল ইছলামৰ একাউন্টত কোটি কোটি টকাৰ লেনদেন ৷ ঘৰতে বহি থকা চিৰাজুল ইছলাম নামৰ যুবকজনৰ একাউন্টত কোটি টকাৰ লেনদেনক লৈ আৰক্ষীৰ সন্দেহ হয় ৷ কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা ওলাই যোৱা যুবকজনৰ একাউন্টত হঠাৎ কোটি টকাৰ লেন দেন হোৱাত আৰক্ষীয়ে সন্দেহ কৰি সোধপোচৰ বাবে বিচাৰি যায় ৷ লগে লগে চিৰাজুলে পলায়ন কৰে ৷ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ মাজতে বুধবাৰে নিশা কামপুৰৰ কচুৱাৰ পৰা যুবক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জেৰাত যুবকজনে পুনৰ ড্ৰাগছৰ ব্যবসায় আৰম্ভ কৰাৰ লগতে বৰদোৱাৰ কদমনিৰ বাসভবনত হেৰইন লুকুৱাই ৰখা বুলি জনোৱাত আৰক্ষীয়ে অভিযান চলাই ৯লাখ টকাৰ হেৰইন জব্দ কৰে ৷ লগতে নিৰ্মিয়মান এটি গৃহত পিস্তল থোৱা বুলি কৈ পিস্তল আনি দিয়াৰ গইনা লৈ পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয় ৷ পিছত আৰক্ষীয়ে পইন্ট ৩২ পিষ্টল সহ চাৰি ৰাউণ্ড গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই ঘটনাৰ সৰ্ন্দভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ্ৰ মিশ্ৰই কয় যে চিৰাজুল ইছলাম ড্ৰাগছ যোগানকাৰী আছিল ৷ কাৰাগাৰৰ পৰা জামিনত গৈ ব্যাপক হাৰত ড্ৰাগছ পেডলাৰ নিয়োগ কৰি বৰদোৱা , ধিঙ , মৈৰাবাৰী আদিত ড্ৰাগছ বিক্ৰিৰ এক বজাৰ আৰম্ভ কৰিছিল ৷ পূৰ্বতেও ড্ৰাগছৰ ব্যবসায়ৰে জৰিত থকাৰ বাবে চিৰাজুলক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in